২০২৫-২০২৬ অৰ্থবৰ্ষৰ পূৰ্ণাংগ বাজেট পেছ হ’ব সম্ভৱত আগন্তুক ১ ফেব্ৰুৱাৰীত৷ এই দিনটোতেই প্ৰতি বছৰে বাজেট উত্থাপন কৰা হয়৷ আৰু এই বাজেটৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুখন বৈঠকো আয়োজন কৰিছে৷ ৭ ডিচেম্বৰ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৃষক ইউনিয়ন, কৃষি অৰ্থনীতিবিদৰ সৈতে দেখা কৰি বিভিন্ন কৃষক সংগঠনৰ সৈতেও বৈঠক কৰে৷ আৰু ইয়াৰ মাধ্যমেৰে আগন্তুক বাজেটত কৃষকৰ পক্ষৰ পৰা কিছু প্ৰত্যাশা দাবীৰ কথা জনোৱা হৈছে৷
কৃষকৰ চাহিদাৰ ওপৰত জোৰ দিয়া
২ঘণ্টীয়া বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কৃষকৰ চাহিদাক লৈ দীৰ্ঘ বিস্তাৰিত আলোচনা কৰে৷ কৃষকৰ আৰ্থিক চাহিদা পূৰণ কৰিবৰ বাবে কৃষকক আৰ্থিকভাৱে সহায়তা দিয়াৰ কথাও আলোচনাত সামৰি লৈছে৷ কৃষিজ পণ্যৰ উৎপাদন বঢ়াবলৈ বিত্তমন্ত্ৰীৰ সৈতে আলোচনাত বিভিন্ন কৃষি সংগঠন, ভাৰতৰ কৃষক সমাজৰ চেয়াৰমেন অজয় বীৰ জাখৰেও কৃষকক সহায় কৰা বিষয়টোত বিশেষ জোৰ দিছে৷
কি কি মুখ্য দাবী আছে?
সকলোতকৈ বেছি যি দাবী উঠিছে কৃষক সংগঠনসমূহৰ পৰা সেয়া হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি যোজনাৰ ভাট্টাৰ ধন দ্বিগুণ কৰা৷ ইমানদিন পৰ্যন্ত বছৰত ৬ হাজাৰ টকা কৃষকে ভাট্টা পাইছিল৷ সেই ভাট্টাৰ ধন বৃদ্ধি কৰি বাৰ্ষিক ১২০০০ টকাকৈ দিবলৈ দাবী কৰা হৈছে৷
প্ৰধানমন্ত্ৰী ক্ৰপ ইনছুৰেন্স স্কিমৰ অধীনত ক্ষুদ্ৰ কৃষকসকলকো সামৰি লোৱা হৈছে৷ কোনো প্ৰিমিয়াম নিদিয়াকৈ যাতে ক্ষুদ্ৰ কৃষকেও এই স্কিমৰ বিমা পাব পাৰে সেই ব্যৱস্থাও কৰা হ’ব বুলি দাবী ৰখা হৈছে৷
ইয়াৰোপৰি কৃষকৰ বাবে ঋণৰ ওপৰত সুদ কমোৱাত জোৰ দিয়া হৈছে৷ দাবী জনোৱা হৈছে যাতে এই সুদৰ হাৰ ১শতাংশ কমাই দিয়া হয়৷
কৃষিক পণ্যৰ উৎপাদন বঢ়োৱাৰ বাবে আগন্তুক ৮ বছৰ পৰ্যন্ত প্ৰতি বছৰে ১ হাজাৰ কোটি টকাৰ বিনিয়োগ ষ্ট্ৰেটেজি ল’ব লাগিব চৰকাৰে৷ ফলত এইবাৰৰ পূৰ্ণাংগ বাজেটত কৃষক সন্মান নিধি যোজনাৰ ভাট্টাৰ অংক বঢ়াই ১২ হাজাৰ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ