অসম লাইভ২৪ঃ ১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হৈছে 5G সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উদ্বোধ কৰিলে 5G সেৱা। দেশৰ ১৩ খন চহৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই 5G সেৱা। ১৩ খন ৰাজ্যত 5G সেৱা আৰম্ভণিৰ পূৰ্বেই প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ প্ৰগতি ময়দানত ভাৰতীয় মোবাইল কংগ্ৰেছ চমুকৈ আই এম চি-ৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰে। প্ৰগতি ময়দানৰ এই বিশেষ অনুষ্ঠানত আকাশ আম্বানিয়ে 5G সেৱা সন্দৰ্ভত বিশদ বাখ্যা দাঙি ধৰি 5G য়ে কেনেকৈ দেশবাসীক উপকৃত কৰিব সেই সম্পৰ্কেও বাখ্যা দাঙি ধৰে।
কম খৰচত 5G ব্ৰডবেণ্ড সেৱা লাভ কৰিব দেশবাসীয়ে বুলিও ভাষণত উল্লেখ কৰিছে আকাশ আম্বানীয়ে। ইয়াৰ লগতে এটা সংযোগ সুবিধাও দিয়া হ’ব। ইয়াৰ জৰিয়তে ১০ কোটি লোকৰ ঘৰত সংযোগ দিয়া হ’ব বুলি উদ্বোধনৰ পূৰ্বেই উল্লেখ কৰিছিল। বিগত সময়ছোৱাত মুকেশ আম্বানীয়ে জনাইছিল যে প্ৰথম অৱস্থাত দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাত জিঅ’ 5G ৰ সেৱা আৰম্ভ কৰা হ’ব। দিপাৱলীৰ আগতেই দিল্লী, মুম্বাই, কলকতা আৰু চেন্নাইত 5G সেৱা আৰম্ভ হ’ব বুলি জনাইছিল আম্বানীয়ে।
অৱশ্যে সমগ্ৰ দেশতে Jio 5G সেৱা আগবঢ়াবলৈ আৰু কিছু সময় লাগিব। আম্বানীৰ মতে, ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে কোম্পানীটোৱে 5G সেৱা আৰম্ভ কৰিব। এজিএমৰ সময়ত তেওঁ জনাইছে যে কোম্পানীয়ে ৰিলায়েন্স জিঅ’ 5G সেৱাৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰি তুলিছে। 5G স্পেকট্ৰম নিলামৰ সময়ত ৰিলায়েন্সে সৰ্বোচ্চ স্পেকট্ৰম ক্ৰয় কৰিছে। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়ে কয় যে, জিঅ’ই বিশ্বৰ আটাইতকৈ দ্ৰুত 5G ৰোলআউটৰ পৰিকল্পনা কৰিছে।
আম্বানীৰ মতে, ২০২৩ চনৰ শেষৰ ফালে ভাৰতৰ প্ৰতিখন চহৰত 5G সেৱা উপলব্ধ হ’ব। ইফালে Jio 5G প্লেন কিমান সস্তা বা ব্যয়বহুল হ’ব সেই সম্পৰ্কে স্পষ্ট তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে মুকেশ আম্বানীয়ে তেওঁৰ ভাষণত বহুবাৰ Affordable 5G ৰ কথা কৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে Jio 4G তকৈ Jio 5G প্লেন ব্যয়বহুল নহ’বও পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ