মহাকাশৰ পৰা অহাৰ পাছত ভাৰতলৈ আহিব সুনীতা, মোদীয়ে লিখিলে বিশেষ চিঠি
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত প্ৰায় ৯ মাহ কটোৱাৰ পিছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে পৃথিৱীলৈ উভতি আহিবলৈ ওলাইছে। আই এছ এছত আবদ্ধ হৈ থকা সুনীতা আৰু উইলম’ৰৰ সৈতে স্পেচএক্সৰ কেপচুল ক্ৰু-৯ যাত্ৰা আৰম্ভ কৰিছে। পৃথিৱীলৈ ঘূৰি অহাৰ পিছত হয়তো অতি সোনকালে ভাৰতলৈ আহিব পাৰে সুনীতা উইলিয়ামছ। প্ৰধানমন্ত্ৰী মোদীয়ে চিঠি লিখি ভাৰতলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছে সুনীতাক।
কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী মোদীয়ে সুনীতা উইলিয়ামছলৈ লিখা চিঠিখন শ্বেয়াৰ কৰে। পি এম মোদীয়ে লিখিছে, ‘আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আপুনি আমাৰ হৃদয়ৰ অতি ওচৰত।’
প্ৰধানমন্ত্ৰী মোদীয়ে ১ মাৰ্চত সুনীতা উইলিয়ামছলৈ এই পত্ৰ লিখিছিল। এই কথাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতবাসীৰ হৈ আপোনালোকলৈ শুভেচ্ছা প্ৰেৰণ কৰিছো। আজি এটা অনুষ্ঠানত বিখ্যাত মহাকাশচাৰী মাইক মাছিমিনোক লগ পালোঁ। কথা-বতৰাৰ সময়ত আপোনাৰ নাম আহিল আৰু আমি আলোচনা কৰিলোঁ যে আমি আপোনাৰ আৰু আপোনাৰ কামক লৈ কিমান গৌৰৱান্বিত। এই আলোচনাৰ পিছত মই আপোনালৈ চিঠি লিখাৰ পৰা নিজকে বাধা দিব নোৱাৰিলোঁ।
মোদীয়ে লিখিছে, ‘মই যেতিয়াই ৰাষ্ট্ৰপতি ট্ৰাম্প বা ৰাষ্ট্ৰপতি বাইডেনক তেওঁলোকৰ আমেৰিকা ভ্ৰমণৰ সময়ত লগ পাইছিলো, তেতিয়াই মই সদায় আপোনাৰ বিষয়ে সুধিছিলো। ১৪০ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে। শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক সংকল্পক সন্মুখলৈ আনিছে। ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে যে আপোনাৰ মাতৃ বনী পাণ্ডিয়াই আপোনাৰ নিৰাপদে উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু মই সম্পূৰ্ণ বিশ্বাসী যে প্ৰয়াত দীপক ভাইৰ আশীৰ্বাদো আপোনাৰ সৈতে আছে। আপুনি মহাকাশৰ পৰা উভতি অহাৰ পিছত ভাৰতত লগ পোৱাৰ বাবে আমি আগ্ৰহী। দেশৰ মহান কন্যাক আতিথ্য দিয়াটো ভাৰতৰ বাবে আনন্দৰ বিষয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ