ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে কথা পাতিলে মাস্কৰ সৈতে
শুকুৰবাৰে ১৮ এপ্ৰিল টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে ফোনযোগে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বাৰ্তালাপত দুয়োজনে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ কথা মনত পেলাই তেওঁলোকে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰে। বাৰ্তালাপত ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তি খণ্ড আৰু ইলন মাস্কৰ কোম্পানীসমূহৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হয়।
এক্স হেণ্ডেলত দুয়োৰে মাজত হোৱা কথা-বতৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মই ইলন মাস্কৰ সৈতে কথা পাতিছিলো আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত লগ পোৱাৰ সময়ত আলোচনা কৰা বিষয়সমূহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছিলো। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বিশাল সম্ভাৱনাৰ বিষয়ে আমি আলোচনা কৰিছিলো। এই ক্ষেত্ৰত আমেৰিকাৰ সৈতে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে সাজু।”
এই কথা-বতৰা এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া টেছলাই ভাৰতীয় বৈদ্যুতিক বাহনৰ বজাৰত প্ৰৱেশৰ সুযোগ বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰিছিল। সেই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত মাস্কৰ সৈতে বৈদ্যুতিক বাহন, সৌৰশক্তি আৰু মহাকাশৰ দৰে নতুন আৰু উদীয়মান ক্ষেত্ৰত একেলগে কাম কৰাৰ সম্ভাৱনাৰ ওপৰত ভাল আলোচনা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















