অসম লাইভ২৪ঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিব বুলি খুবেই আশাবাদী নৰেন্দ্ৰ মোদী৷ ক্ষমতালৈ আহিলে কি কি কৰিব সেই পৰিকল্পনাও তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈয়েই পেলাইছে৷ প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই তেওঁ তিনিটা বিশেষ কাম প্ৰথমেই কৰিব বুলি জনাইছে৷ কিন্তু এই বিশেষ ৩টা কাম কি কি? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোবোৰ কথাই মুকলিকৈ জনাইছে৷
এইবাৰৰ প্ৰধানমন্ত্ৰীত্ব অন্য দুবাৰৰ তুলনাত একেবাৰেই পৃথক হ’ব বুলি জনাইছে মোদীয়ে৷ মোদীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টীয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিব বুলিয়েই মই আশাবাদী তেনে নহয় এইবাৰ NDAয়ে ৪০০ কন আসন লাভ কৰিব বুলিও মই আশাবাদী৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহি মোৰ কেইটামান বিগ প্লেন আছে৷’
প্ৰধানমন্ত্ৰী হিচাপে কি কি বৃহৎ প্লেন আছে মোদীৰ?
প্ৰধানমন্ত্ৰী আৱাস যোজনাক এইবাৰ বিশেষ গুৰুত্ব দিব প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়-
- প্ৰত্যেকঘৰ লোকৰেই বিদ্যুতৰ বিল শূন্য হ’ব৷
- অত্যাধিক পৰিমাণে উৎপাদিত হোৱা বিদ্যুৎ বিক্ৰি কৰি আয় বঢ়োৱা হ’ব৷
- ইলেক্ট্ৰিক বাহনেৰে এনাৰ্জি চেক্টৰত আত্মনিৰ্ভৰতা বৃদ্ধি কৰা হ’ব৷ নৰেন্দ্ৰ মোদীয়ে কয়, ‘মোৰ মনে কয় যিসকলৰ হাতত ইলেক্ট্ৰিক স্কুটাৰ আছে তেওঁলোকে ঘৰতেই চলাৰৰ সহায়ত চাৰ্জ দিব পাৰে৷ ইয়াৰ ফত হাজাৰৰ পৰা দুহেজাৰ টকা পৰ্যন্ত যাতায়াতৰ খৰচ কমি যাব৷
বিগত দু’বছৰৰ প্ৰধানমন্ত্ৰীত্ব কেনে আছিল?
প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মানুহৰ মন জয় কৰাই তেওঁৰ মূল লক্ষ্য আছিল বুলিও জনাইছে নৰেন্দ্ৰ মোদীয়ে৷ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মানুহক আশ্বাস দিয়া হৈছিল যে তেওঁলোকৰ চৰকাৰৰ দিনত জীৱনযাত্ৰা উন্নীত কৰা হ’ব৷ নমোয়ে কয়, ‘মানুহৰ আশা আকাংক্ষা ধীৰে ধীৰে বাঢ়িছে৷ বিশ্বাস তৈয়াৰ হৈছে৷ মই এই তৃতীয় পৰ্বত দেশক তৃতীয় শক্তিশালী অৰ্থনৈতিক চুপাৰ পাৱাৰত পৰিণত কৰাব বিচাৰিছো৷ একাদশৰ পৰা দেশক পঞ্চম স্থানলৈ আনিছো৷ সেয়ে মানুহৰ ভৰষাও দিনে দিনে বাঢ়িছে৷ সেই ভৰসা আমি ধৰি ৰাখিব বিচাৰো৷ মনমোহন সিঙৰ নেতৃত্বত আমাৰ দেশ অৰ্থনৈতিক দিশত বিশ্বৰ একাদশ স্থানত আছিল৷ সেই স্থানৰ পৰা ভাৰতক পঞ্চম স্থানলৈ লৈ আনিছো৷ এইবাৰ আমি চেষ্টা কৰিম ভাৰতক তৃতীয় বৃহত্তম আৰ্থিক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ বাবে৷’
বিনামূলীয়া বিদ্যুৎ পৰিসেৱা
চলিত বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছে ‘মুফত বিজলি যোজনা’৷ বিনামূলীয়া বিদ্যুৎ পৰিসেৱা আগবঢ়াবলৈকে এই প্ৰকল্প তৈয়াৰ কৰা হৈছে৷ এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা মুঠ ৭৫ হাজাৰ কোটি টকাৰ বাজেটো ধৰা হৈছে৷ প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ দিয়া হ’ব প্ৰত্যেকৰে ঘৰে ঘৰে৷ স্থানীয় প্ৰশাসন আৰু পঞ্চায়তৰ সহায়ত এই প্ৰকল্পৰ আওতাত প্ৰত্যেকৰে ছাদত ছলাৰ পেনেল লগোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ