পঞ্জাৱ নেশ্ব্যনেল বেংক দেশৰ অন্যতম বৃহৎ ৰাষ্ট্ৰায়াত্ত বেংক৷ ৭দিনৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত ম্যাদত ফিক্সড ডিপোজিট কৰিব পাৰে গ্ৰাহকে৷ ম্যাদ অনুসৰি সুদৰ হাৰো ভিন্ন৷ বৰ্তমান ১৯৮৬ দিনৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত ম্যাদত সুদৰ হাৰ ৬.৫০শতাংশ দিছে পি এন বিয়ে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.৩০শতাংশ৷
৭ৰ পৰা ৪৫ দিনৰ ভিতৰত সুদৰ হাৰ সাধাৰণ গ্ৰাহকৰ বাবে ৩.৫ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৪শতাংশ আৰু বিশেষ গ্ৰাহকৰ বাবে ৪.৩ শতাংশ৷ ৪৬ৰ পৰা ৯০ দিনৰ ক্ষেত্ৰত এই হাৰ বাঢ়ি যথাক্ৰমে ৪.৫শতাংশ, ৫শতাংশ আৰু ৫.৩শতাংশ হয়৷ ৯১ৰ পৰা ১৭৯ দিনৰ বাবে সুদৰ হাৰ ৫.৫শতাংশ, ৬শতাংশ আৰু ৬.৩শতাংশ৷ ১৮০ৰ পৰা ২৭০ দিনৰ ম্যাদত ৬.২৫শতাংশ, ৬.৭৫শতাংশ আৰু ৭.০৫শতাংশ আৰু ২৭১ দিনৰ পৰা ২৯৯ দিনৰ ক্ষেত্ৰত ৬.৫শতাংশ, ৭শতাংশ আৰু ৭.৩শতাংশ৷
৩০০ দিনৰ ম্যাদত সুদৰ হাৰ সকলোতকৈ বেছি৷ সাধাৰণ গ্ৰাহকৰ বাবে এই হাৰ ৭.০৫শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.৫৫শতাংশ আৰু বিশেষ গ্ৰাহকৰ বাবে ৭.৮৫শতাংশ৷ ৩০৪ দিনৰ পৰা এবছৰৰ কম সময়ৰ বাবে সুদ ৬.৫শতাংশ, ৭শতাংশ আৰু ৭.৩শতাংশ৷ ১ বছৰ বা ৩৯৯ দিনৰ বাবে সুদৰ হাৰ ৬.৮শতাংশ, ৭.৩শতাংশ আৰু ৭.৬শতাংশ হয়৷ ৪০০ দিনৰ বাবে এই হাৰ বাঢ়ি হয় ৭.২৫শতাংশ, ৭.৭৫শতাংশ আৰু ৮.০৫শতাংশ৷ ৫০৬ দিনৰ বাবে সুদ সামান্য কমি যথাক্ৰমে ৬.৭শতাংশ আৰু ৭.২শতাংশ আৰু ৭.৫শতাংশ হয়৷
যদি কোনো ব্যক্তিয়ে ২ হাজাৰ দিন ম্যাদত ৪লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁ কিমান টকা ৰিটাৰ্ণ পাব? ফিক্সড ডিপোজিট কেলকুলেটৰৰ পৰা সহজেই এই হিচাপ কৰিব পাৰিব৷ FD কেলকুলেটৰ অনুসৰি ২ হাজাৰ দিন ম্যাদত ৬.৫০শতাংশ সুদৰ হাৰত ৪লাখৰ বিনিয়োগ কৰিলে মেচিউৰিটিত ৫,৬৯,৫০৪টকা পাব৷ প্ৰবীণ নাগৰিকে আৰু বেছি ৰিটাৰ্ণ পাব৷ কাৰণ সুদৰ হাৰ বেছি৷ তেওঁলোকৰ ক্ষেত্ৰত ৰিটাৰ্ণ হব ৫,৯৪,৫৮১টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















