বিগত বৰ্ষৰ তুলনাত এইবছৰ লোনৰ সুদৰ হাৰ উল্লেখযোগ্যভাৱে কমিছে৷ EMI কমি যোৱাত সাধাৰণ মানুহে স্বাভাৱিকভাৱেই বহু স্বস্তি লাভ কৰিছে৷ ই এম আই কমাৰ ফলত মানুহৰ মাহিলী খৰচ যেনেকৈ কমিছে তেনেকৈ সঞ্চয়ো বাঢ়িছে৷ পঞ্জাৱ নেশ্ব্যনেল বেংক, সংক্ষেপে পি এন বিয়ে তেওঁলোকৰ গ্ৰাহকসকলক আকৰ্ষণীয় সুদৰ হাৰত গৃহঋণ বা হোম লোন দিছে৷
পঞ্জাৱ নেশ্ব্যনেল বেংকে তেওঁলোকৰ গ্ৰাহকসকলক মাত্ৰ ৭.২০ শতাংশ প্ৰাৰম্ভিক হাৰত হোম লোন দিছে৷ জানি থওক ৭.২০ শতাংশ সুদৰ হাৰত ৩০ বছৰৰ বাবে ৫০ লাখৰ হোম লোন পাবলৈ হ’লে ঋণগ্ৰহীতাৰ মাহিলী দৰমহা কিমান হোৱা উচিত? প্ৰতি মাহে তেওঁ কিমান ই এম আই দিব লাগিব৷
পি এন বিৰ পৰা ৫০ লাখৰ গৃহঋণ পাবলৈ হলে দৰমহা কিমান হোৱা উচিত?
পঞ্জাৱ নেশ্ব্যনেল বেংকৰ হোম লোনৰ সুদৰ হাৰ ৭.২০ শতাংশৰ পৰা আৰম্ভ হয়৷ ৭.২০ শতাংশ সুদৰ হাৰত ৩০ বছৰৰ বাবে ৫০ লাখ টকাৰ হোম লোন পাবলৈ হ’লে কাৰোবাৰ মাহিলী দৰমহা কমেও ৬৮০০০ টকা হ’ব লাগিব৷ হেই হিচাপ অনুসৰি ঋণগ্ৰহীতাৰ নামেৰে অন্য কোনো সক্ৰিয় লোন থাকিলে নহ’ব৷
যদি কোনোৱে পি এন বিৰ পৰা ৭.২০ শতাংশ সুদৰ হাৰত ৩০ বছৰৰ বাবে ৫০ লাখ টকাৰ হোম লোন লয় তেন্তে তেওঁলোকে প্ৰতি মাহে প্ৰায় ৩৪,০০০ টকা ই এম আই দিব লাগিব৷ উল্লেখ্য যে হোম লোনৰ ক্ষেত্ৰত ঋণগ্ৰহীতাৰ দৰমহাৰ প্ৰায় অৰ্ধেই লোনৰ ই এম আইৰ বাবদ গুচি যাব৷
বেংকসমূহে ঋণ মঞ্জুৰ কৰাৰ পূৰ্বে গ্ৰাহকৰ ক্ৰেডিট স্কোৰ আৰু পূৰ্ববৰ্তী ঋণৰ হিচাপ পৰীক্ষা কৰে৷ গৃহঋণ হৈছে এক দীৰ্ঘম্যাদি ঋণ৷ সেয়ে বেংকসমূহে কোনো গ্ৰাহকক গৃহঋণ মঞ্জুৰ কৰাৰ পূৰ্বে তেওঁৰ ক্ৰেডিট স্কোৰ পৰীক্ষা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ