পঞ্জাৱ নেশ্ব্যনেল বেংক ভাৰতৰ চৰকাৰী বেংকসমূহৰ মাজত অন্যতম৷ আপুনি সৰ্বত্ৰ এই বেংকৰ একাউণ্ট হোল্ডাৰ পাবই৷ দেশজুৰি বহুসংখ্যক পি এন বি শাখা আছে৷ পি এন বিৰ স্কিমত যোগদান কৰি মানুহে অৰ্থ উপাৰ্জনৰ ভাল সুযোগো পাইছে৷ কেৱল সেয়াই নহয় বিনিয়োগকাৰীয়েও পিএনবিৰ পৰা ভাল সুদ লাভ কৰিছে৷
পি এন বিত বিনিয়োগ কৰা শ্বেয়াৰ বজাৰৰ বিনিয়োগতকৈ শ্ৰেষ্ঠ বুলি বহুতে দাবী কৰিছে৷ এই প্ৰতিবেদনত পি এন বিৰ এফ ডি স্কিমৰ পৰা ৰিটাৰ্ণ সম্পৰ্কে আলোকপাত কৰা হৈছে৷ যৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে ৰিটাৰ্ণ সংগ্ৰহ কৰিব পাৰে৷ পি এন বিৰ কোন এফ ডিয়ে সৰ্বোচ্চ ৰিটাৰ্ণ দিয়ে?
দেশৰ অন্যতম ডাঙৰ বেংক পঞ্জাৱ নেশ্ব্যনেল বেংকে গ্ৰাহকক ৭ দিনৰ পৰা ১০ বছৰৰ ম্যাদত এফ ডি কৰাৰ সুযোগ দিছে৷ যিয়েই নহওক পি এন বি সাধাৰণ নাগৰিক, প্ৰবীণ নাগৰিক আৰু অতি প্ৰবীণ নাগৰিকসকলক বিভিন্ন সুদৰ হাৰ দিছে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে ৩৯০ দিনৰ এফ ডিত সৰ্বোচ্ছ সুদ দিছে৷
পি এন বিৰ ৩৯০ দিনৰ এফ ডিত সাধাৰণ নাগৰিকক ৬.৬০ শতাংশ সুদ দিয়া হৈছে৷ ইয়াৰ বাহিৰে প্ৰবীণ নাগৰিকক ৭.১০ শতাংশ সুদ দিয়া হৈছে৷ অন্যহাতে যদি অতি প্ৰবীণ নাগৰিকৰ কথা কোৱা হয় তেন্তে ৭.৪০শতাংশ সুদ দিয়া হৈছে৷
দুই লাখ টকাৰ বিনিয়োগত কিমান সুদ দিয়া হৈছে?
পি এন বিয়ে পাঁচ বছৰৰ এফ ডিত নাগৰিকক ভাল সুদ দিয়ে৷ ই সাধাৰণ নাগৰিকসকলক ৬.৫০শতাংশ সুদৰ হাৰ দিছে৷ এই এফ ডিত পি এন বি প্ৰবীণ নাগৰিকসকলক ৭শতাংশ আৰু অতি প্ৰবীণ নাগৰিকক ৭.৩০শতাংশ সুদৰ হাৰ দিছে৷ আপুনি যদি সাধাৰণ নাগৰিক তেন্তে আপুনি দুই লাখ টকাৰ এফ ডি কৰিলে ম্যাদপূৰ্তিত ২,৭৬,০৮৪ টকা লাভ কৰিব৷ এই বিনিয়োগত মানুহে ৭৬,০৮৪ টকা পৰ্যন্ত স্থিৰ সুদৰ সুবিধা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















