অসম লাইভ২৪ঃ গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে নীলিম কুমাৰক? কবি নীলিম কুমাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট৷ ভাইৰেল পোষ্টটোত কি লিখিছে নীলিম কুমাৰে?
‘পঢ়কচোন , কবিতাৰ কেনেকৈ জয় হ’ল শুনক
কালি অসম গ্ৰন্থমেলাত এটা ঘটনা ঘটিল ৷ মোৰ জীৱনত এনে বিৰল আৰু অদ্ভুত ঘটনা আগতে কেতিয়াও ঘটা নাছিল ৷ আৰু পৃথিৱীৰ কিমানজনৰ জীৱনত এনে ঘটনা ঘটিছে সন্দেহ আছে !
ঘটনাটো হ’ল : গ্ৰন্থমেলাৰ প্ৰাংগনত এখন কবিতাৰ কিতাপৰ উন্মোচনী অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱা হৈছিল ৷ নিমন্ত্ৰণটো ’বাটত পালোঁ কমাৰ , দা গঢ়াই দিয়া আমাৰ’ জাতীয় নাছিল ৷ তেওঁলোকে মোক নিমন্ত্ৰণ দিবলৈ মোৰ ঘৰলৈও গৈছিল ৷
উন্মোচনৰ সময় আছিল গধূলি ৬ বজাত ৷ সেই মৰ্মে মই যথা সময়ত উন্মোচনৰ স্থানত উপস্থিত হৈছিলো গৈ ৷ মই ভিতৰত পাৰি থোৱা চকীত কিছুসময় বহিলোঁ ৷ কিন্তু কিবা কাৰণত অনুষ্ঠান আৰম্ভ কৰোঁতে দেৰী হৈ আছে ৷ মই সুধিলো কথাটো কি ?
সুধি গম পালোঁ যে অনুষ্ঠানটোলৈ তেওঁলোকৰ Director জনো অহা কথা ৷ কিন্তু তেওঁ আহি পোৱা নাই ৷ সেয়েহে তেওঁৰ কাৰণে ৰ’ব লগীয়া হৈছে ৷ মই ক’লো _ “ হ’ব কোনো কথা নাই ৷ মোৰ একো দৌৰাদৌৰি নাই ৷ এইখন বুক ফেয়াৰত ৰাতি পুলিচে উলিয়াই নিদিয়ালৈকে নোলাওঁ ৷“
Director নাহেহে নাহে ৷ অনুষ্ঠানলৈ অহা অন্য মানুহো অধৈৰ্য হৈছে ৷ এনে সময়তে ঘটনাটো ঘটিল ৷ মোক নিমন্ত্ৰণ কৰা মানুহগৰাকীয়ে মোক অলপ আতঁৰলৈ মাতি নি ক’লে _ “ দাদা , আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো ৷ আমাক মাফ কৰি দিব ৷ আপোনাক কৰা নিমন্ত্ৰণটো আমি উঠাই লৈছোঁ ৷ “
মই বহু সময় একো বুজা নাই ৷ মই ভাবিলোঁ অনুষ্ঠানটো দেৰী হোৱা কাৰণে কৈছে নেকি ! সেয়ে ময়ো কলোঁ _ “একো নাই , দেৰী হ’বই পাৰে ৷ মোৰ একো সমস্যা হোৱা নাই ৷“
কিন্তু কথাটো সেইটো নহয় ৷ কথাটো আছিল তেওঁলোকে মোৰ হতুৱাই উন্মোচনৰ কামটো কৰিব নোৱাৰে ৷ গতিকে মই তাৰপৰা আতৰিব লাগে ৷মোৰ উপস্থিতি তেওঁলোকৰ সমস্যা হৈছে ৷ সেয়ে কৈছে _ ‘ নিমন্ত্ৰণটো উঠাই লোৱা হ’ল ’ ৷
তেতিয়াহে মই কথাটো বুজিলোঁ ৷
মই ভিতৰে ভিতৰে হাঁহিলো ৷ বুজিলো মোৰ কবিতাৰ জয় হৈছে ৷ মোৰ কবিতাই কাৰোবাৰ সমস্যাৰ সৃষ্টি কৰিছে ৷ মই তাৰ পৰা আতৰি আহিলো ৷ আতৰি আহি সমুখৰ পিনে থকা ’সুগন্ধি পখিলা ’ নামৰ বিপনীত ৰৈ থকা দেখিলো কবি প্ৰণব কুমাৰ বৰ্মন ৷ প্ৰণবে সুধিলে _ “ কি হ’ল নীলিমদা উভতি আহিল যে ?“
মই ক’লো _ “ নিমন্ত্ৰণ উঠাই লৈছে “
কথাটো প্ৰণবক কোৱাত সি বুজিলে ৷
সি ক’লে _ “আপুনি যদি আজি কামটো কৰিলেহেঁতেন , যিয়ে আপোনাক নিমন্ত্ৰণ কৰিছিল , তেওঁৰ চাকৰি গ’লহেঁতেন ৷ প্ৰমাণ হ’ল যে কবিতাৰ জয় হৈছে ৷ “
মই ক’লো _ হয় ৷ এই অভিজ্ঞতাই আনন্দহে দিলে ৷ কবিতাৰ শক্তিৰ কথা ক’লে ৷
নহয়নে ৰাইজ ?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ