জটিল ৰোগত আক্ৰান্ত এগৰাকী মহিলা। ৰোগত জৰ্জৰিত শৰীৰ অথচ মনত দুৰ্বাৰ হেঁপাহ জীৱন বলুকাত এটা খোজ ধৰি ৰাখিবলৈ। নাম তেওঁৰ ৰুমী গগৈ। টিংখাঙৰ শালমাৰী দীঘলীয়া গাঁৱৰ যজ্ঞেশ্বৰ গগৈৰ সহধৰ্মিনী ৰুমী গগৈয়ে স্থানীয় জামুগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু শালমাৰী দীঘলীয়া প্ৰাথমিক বিদ্যালয়ত বহু বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পাছত অৱশেষত ঘৰুৱা অসুবিধাৰ বাবে শিক্ষকতাৰ বৃত্তি বাদ দিবলগীয়া হয়।
পথাৰ কবি ৰাম গগৈৰ ভতিজী ৰুমী গগৈৰ মাজত দেখা গৈছিল এক স্বভাৱগত কাব্য প্ৰতিভা। জীৱনৰ অধিকাংশ সময় শিক্ষকতা আৰু কাব্য চৰ্চাৰ মাজেৰে অতিক্ৰম কৰা কবিগৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তত স্ব-ৰচিত কবিতা পাঠ কৰি কাব্যিক জগতত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ অনুভৱী আৰু গভীৰ জীৱনবোধ সমৃদ্ধ কবিতাসমূহে বিভিন্ন কাকত আলোচনীত ঠাই পাইছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰুমী গগৈয়ে বৰ্তমানো ধমন-শালমাৰী চূড়ামণি কবি সন্মিলনৰ সভাপতি আৰু ধমন-শালমাৰী শাখা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
জীৱনৰ এক দীঘলীয়া সময় শিক্ষকতা আৰু কাব্য চৰ্চাৰ মাজেৰে অতিবাহিত কৰা ৰুমী গগৈ এতিয়া শয্যাগত। জটিল ৰোগত আক্ৰান্ত তেখেতৰ শৰীৰৰ অৱস্থা অতি সংকটজনক। কিন্তু তীব্ৰ মানসিক শক্তিৰ অধিকাৰী এইগৰাকী মহিলাৰ এক গভীৰ হেঁপাহ আছিল তেওঁৰ সিচৰিত হৈ থকা কাব্য সম্পদসমূহ একত্ৰিত কৰি এখনি সংকলনৰ ৰূপ দিয়াৰ। অৱশেষত তেওঁৰ এই ইচ্ছা পূৰণৰ বাবে আগবাঢ়ি আহিল সমাজৰ বিভিন্নজন ব্যক্তি। প্ৰকাশ কৰি উলিয়ালে কবি ৰুমী গগৈৰ কাব্য সংকলন ‘‘শীতৰ শেষ সৰাপাত’’
মঙলবাৰে সন্ধিয়া ৰুমী গগৈৰ বাসগৃহত আনুষ্ঠানিকভাৱে কাব্যগ্ৰন্থ খন উন্মোচন কৰে জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁই আৰু ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্ৰ গগৈয়ে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ প্ৰবীণ গগৈ , অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য অজয় সিংহ , ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবাৰীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৰুমী গগৈক।
টিংখাঙৰ পৰা পৰাগ গগৈ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ