অসম লাইভ ২৪ঃ সমাগত দীপাৱলী৷ শাৰদীয় সুবাসভৰা পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ আছে এক সুকীয়া সৌন্দৰ্য৷ আন্ধাৰ আঁতৰাই পোহৰ বিলোৱাৰ উদ্দেশ্যে পালন কৰা হয় পোহৰৰ উৎসৱ৷ মনৰ অজ্ঞান আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰ বিলোৱাটোৱেই দীপাৱলীৰ মূল উদ্দেশ্য৷ দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ৷ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দেৱালীৰ প্ৰাকমুহূৰ্তত জাৰি কৰিছে কিছু নিৰ্দেশনা৷ এইবাৰ আতচবাজীৰ পৰিৱৰ্তে মাটিৰ চাকিৰে দীপাৱলীৰ আকাশ পোহৰাব ৰাজ্যবাসীয়ে৷ গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই আহ্বান প্ৰশাসনৰ৷ ৰাজ্যৰ প্ৰতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলকো নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ৷ নিশা ৮বজাৰ পৰা ১০বজালৈ কেৱল ২ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকা। উচ্চ প্ৰাবল্যযুক্ত ফটকা ফুটুৱাতো নিষেধাজ্ঞা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। বিশেষকৈ দীপাৱলীৰ নামত পৰিবেশ প্ৰদূষণৰ লগতে তীব্ৰ প্ৰাবল্যৰ আতচবাজীৰ শব্দই পশু-পক্ষীৰ ক্ষেত্ৰত সৃষ্টি কৰা সমস্যাৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















