কামৰ চাপ, দুশ্চিন্তাত টোপনি কম হোৱাটো স্বাভাৱিক৷ নিশাৰ পাছত নিশা যদি টোপনি কম হয় তেন্তে সেয়া কোনো অসুখৰ লক্ষণ৷ দৈনিক কামৰ ধাৰাত শ্লিপ ছাইকল সলনি হৈছে প্ৰতিনিয়ত৷ কেতিয়াবা নিশা জাগি থাকিলে অফিচৰ কাম, আৰু কেতিয়াবা দুপৰ নিশালৈকে টিভি, মোবাইল, লেপটপ চায়েই সময় পাৰ কৰে বহুজনে৷ সকলো মিলি টোপনিৰ সময় দৈনিক সলনিও হৈ আছে তেনেহলে শৰীৰে ইয়াৰ চাপ পোৱাটো নিশ্চিত৷ টোপনিৰ অভাৱত ক্লান্তি, অৱসাদ আহে৷ আৰু এক সমস্যা হৈছে যিসকল পুৰুষৰ টোপনি কম হয় তেওঁলোকৰ শুক্ৰাণুৰ গুণমান কমিবলৈ ধৰে৷ ফলত বন্ধ্যাত্বৰ সমস্যা আৰু বাঢ়ি যায়৷
শৰীৰৰ আৰু এক ঘড়ী আছে যাক কোৱা হয় জৈৱিক ঘড়ী৷ এই ঘড়ী নিৰ্দিষ্ট ছন্দত তলে৷ দেহ ঘড়ীৰ এই ছন্দ মানি ২৪ ঘণ্টা ধৰি নানান গুৰুত্বপূৰ্ণ শাৰীৰবৃত্তীয় কাৰ্যকলাপ চলি থাক৷ নিশা নিৰ্দিষ্ট সময়ত টোপনি আহিলে আৰু পুৱা সময়মতে টোপনি ভাঙিলে নিৰ্দিষ্ট সময়ত ভোকো লাগে৷ এই জৈৱিক সময়ছন্দক কোৱা হয় ছাৰ্কাডিয়ান ৰিডম বা বায়োলজিকেল ক্লক৷ সেইমতে হৰমনৰ ক্ষৰণো নিয়ন্ত্ৰিত হয়৷ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষকে দেখুৱাইছে যে মস্তিষ্কৰ হাইপোথেলমাছৰ ভিতৰত হাজাৰ হাজাৰ নিউৰণক লৈ গঠিত ছুপ্ৰাকিয়াছমেটিক নিউক্লিয়াছে শৰীৰৰ কেন্দ্ৰীয় ঘড়ী হিচাপে কাম কৰে৷
এই ঘড়ীৰ সৈতে তাল মিলাই শাৰীৰবৃত্তীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰিত হয় আৰু বাহিৰৰ সময়চক্ৰৰ সৈতে শৰীৰৰ সামঞ্জস্য বজায় ৰাখে৷ কোনো কাৰণত যদি ঘড়ীৰ ছন্দ সলনি হৈ যায় তেতিয়া শৰীৰৰ ভিতৰত তৈয়াৰী প্ৰটিন, হৰমনসমূহৰ ভাৰসাম্যও নষ্ট হব৷ জৈবিক ঘড়ীৰ নিয়ম অনুসৰি এজন প্ৰাপ্তবয়স্কই নিশা সাতৰ পৰা আট ঘণ্টা সময় টোপনি যোৱাটো জৰুৰী৷ এই সময়ত শৰীৰত নানান হৰমনৰ ক্ষৰণ আৰু সেইসমূহৰ ক্ৰিয়াকলাপ চলি থাকে৷ যদি সময় কমাই ২-৪ ঘণ্টালৈ লৈ অহা হয় তেতিয়া গুৰুত্বপূৰ্ণ হৰমনসমূহৰ কাম নষ্ট হব৷ তাৰ মাজত টেষ্টোষ্টেৰণ হৰমনো আছে৷
হাৰ্ভাৰ্ডৰ গৱেষকে পৰীক্ষা কৰি দেখুৱাইছে যে ব্যক্তি এজনে প্ৰতি নিশা জাগি থাকিলে আৰু পুৱতি নিশা মাত্ৰ ৪ ঘণ্টামান শুলে তাৰ ফলত শৰীৰত টেষ্টোষ্টেৰণ হৰমনৰ ভাৰসাম্য খেলিমেলি হয়৷ আৰু হৰমনৰ ভাৰসাম্য খেলিমেলি হলে শুক্ৰাণুৰ উৎপাদন আৰু তাৰ গুণগত মানো নষ্ট হৈ পৰে৷ ফলত স্বাভাৱিকভাৱেই বন্ধ্যাত্বৰ সমস্যা বাঢ়িব৷
দেহঘড়ীত খেলিমেলি আহিলে কাৰ্টিছল হৰমনৰ ক্ষৰণো বাঢ়ে৷ ইয়াক কোৱা হয় ষ্ট্ৰেছ হৰমন৷ কাৰ্টিছল বাঢ়ি গলে টেষ্টোষ্টেৰণৰ ক্ষৰণ কমি যায়৷ ফলত অবষ্ট্ৰেকটিভ শ্লিপ এপপনিয়াৰ আশংকা বাঢ়ে৷ এই ৰোগত টোপনিৰ মাজত বাৰে বাৰে শ্বাস বন্ধ হৈ যায়৷ প্ৰদাহ বাঢ়ে, যাৰ পৰা অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে৷ দেহঘড়ী দীৰ্ঘ সময় ধৰি বিঘ্নিত হলে টাইপ-২ ডায়বেটিছ, স্থুলতা, হৃদৰোগ, কৰ্কটৰ আশংকাও বাঢ়ে৷ ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যাও কমি যাব পাৰে৷ সেয়ে নিশাৰ টোপনি খুবেই জৰুৰী৷ যদি টোপনি নাহে তেন্তে মেডিটেছন কৰক আৰু ব্ৰিডিং এক্সাৰচাইজ কৰক৷ ইয়াৰ ফলত টোপনিৰ সমস্যা দূৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ