চিনি পাইছে নে এইজন ছুপাৰষ্টাৰক, ৩বছৰ বিচনাত পৰি থাকি, ২৩ টা কৈ চাৰ্জাৰী কৰিয়ো সম্পূৰ্ণ ফিট
দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ সুপৰিচিত অভিনেতা এগৰাকীয়ে সদ্যহতে এক সাক্ষাতাৰত নিজৰ বিষয়ে কয়। যি কথা শুনি আচৰিত হৈ পৰিছে অনুৰাগী সকল। সেই অভিনেতাগৰাকী হৈছে- চিয়ান বিক্ৰম, যি বৰ্তমানে তেওঁৰ ছবি ‘থাংগালান’ৰ বাবে শিৰোনামত। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত নিজৰ সংগ্ৰামৰ বিষয়ে উল্লেখ কৰে।
সেই সাক্ষাতকাৰত অভিনেতাজনে নিজৰ জীৱনৰ সকলোতকৈ বেয়া পৰ্যায়ৰ কথা উল্লেখ কৰে। অভিনেতা বিক্ৰমে দুৰ্ঘটনাৰ বিষয়ে কয়। তেওঁ কয়- মই ৩ বছৰ ধৰি বিচনাত পৰি আছিলো। এবছৰ ধৰি লাঠিৰ সহায়ত খোজ কাঢ়িছিলো। তাৰ পিছত ৪ বছৰ ধৰি মই ভালদৰে খোজ কাঢ়িব পৰা নাছিলো।”
এখন নাটকখনৰ বাবে অতিশয় উত্তেজিত হৈ পৰাৰ বাবেই এখ দুৰ্ঘটনাত পতিত হৈছিল অভিনেতা বিক্ৰম। যাৰ বাবেই বহু কষ্টৰ সন্মুখিন হৈছিল। সেই দুৰ্ঘটাৰ পাছতে সম্পূৰ্ণ ঠিক হবৰ বাবে এটা -দুটা নহয় ২৩ টা কৈ অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হৈছিল।
কিন্তু কোৱা হয় যে য’ত ইচ্ছা আছে তাতেই উপায় আছে, অভিনেতাজনৰ ক্ষেত্ৰতো একেই হৈছিল আৰু ইমান বিপদৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ সম্পূৰ্ণ সুস্থহৈ উঠি বহু চিনেমাত সুন্দৰকৈ এক্সনো কৰিছে। আজিৰ তাৰিখত অভিনেতা বিক্ৰম এগৰাকী আগশাৰীৰ অভিনেতা। যাৰ চিনেমা নচোৱা মানুহ হয়তো এই ভাৰতত নোলাব। অপৰিচিত, আই আদি অন্যতম জনপ্ৰিয় চিনেমা এইগৰাকী অভিনেতাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ