• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

3 years ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

2 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

3 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

4 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

5 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

editor by editor
February 1, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ৰাজনীতি, লেখা
0
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…
0
SHARES
13.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫৪ বছৰীয়া যাত্ৰা জানো ইমান মসৃণ আছিল তেওঁৰ৷ আজি তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ ওপজা দিনটোত ৰাজ্যবাসীয়েই জনাইছে শুভকামনা তাৰমাজতেই সমালোচনাই প্ৰতিদিনেই থকাসৰকা কৰা মুখ্যমন্ত্ৰীয়ে জানে সফলতাৰ মূলমন্ত্ৰ৷ ৰাজনৈতিক সক্ৰিয়তাই তেওঁৰ দেশৰ জনতাৰ সন্মুখত তুলি ধৰিছে৷ জংঘলৰ ৰাজ্য বুলি সততে এৰাই চলা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকেই এতিয়া দেশৰ প্ৰতিগৰাকী ৰাজনীতিকেই এবাৰলৈকো নাম ল’বলৈ বাধ্য হৈ পৰে৷

উত্তৰ পূবৰ চানক্য…

অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ উত্থান এদিনীয়া পৰিক্ৰমা নহয়৷ ৰাজ্যৰ আটাইটকৈ সক্ৰিয় আৰু সফল মন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ আস্থা অৰ্জন কৰিবলৈ তেওঁ বহু উত্থান-পতনৰ সন্মুখীন হ’ব লগা হৈছে। মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব পালন কৰাৰ পিছতো জনপ্ৰিয়তাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়েই হৈছে হিমন্ত বিশ্ব শৰ্মা৷

মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন…

হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব অইন মুখ্যমন্ত্ৰীসকলৰ সৈতে মুঠেও তুলনা নহয়। পূৰ্বৰ মুখ্যমন্ত্ৰীসকল ধীৰ স্থিৰ আনফালে হিমন্ত বিশ্ব শৰ্মা কৰ্মঠ আৰু সক্ৰিয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংসদীয় ৰাজনীতিত যোগ দিছিল ২০০১ চনত। জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত।
শৰ্মাৰ পিতৃৰ নাম কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম মৃণালীনি দেৱী। নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কটন কলেজৰ পৰাই ৰাজনীতি বিজ্ঞানত স্নাতকত্তোৰ ডিগ্ৰী গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও গ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নিৰু হাজৰিকাৰ তত্ত্বাৱধানত তেওঁ ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে।

শৰ্মাৰ গৱেষণাৰ বিষয় আছিল– নৰ্থ ইষ্টাৰ্ণ কাউন্সিলাৰঃ এ ষ্ট্ৰাকছাৰেল এণ্ড ফাংচনেল এনালাইচিছ। ১৯৯৪ চনত কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত হৈ আছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। হিতেশ্বৰ শইকীয়াৰ দিনতেই ৰাজনীতিৰ অ-আ-ক-খ শিকিছিল মুখ্যমন্ত্ৰী হিমন্তই৷

কংগ্ৰেছত যোগদান কৰি তেওঁ যুৱ কল্যান বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিবাহ কৰিছিল। প্ৰথমবাৰ তেওঁ ১৯৯৬ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সংসদীয় ৰাজনীতিত ভৰি দিয়ে৷ জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভৃগু কুমাৰ ফুকনৰ হাতত পৰাস্ত হৈছিল হিমন্ত বিশ্ব শৰ্মা। তাৰ পিছত ২০০১ চনত তেওঁ জালুকবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহে। সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যথেষ্ঠ আস্থা আৰু বিশ্বাসত লৈছিল হিমন্ত বিশ্ব শৰ্মাক। ২০০২ চনত তেওঁ শৰ্মাক মন্ত্ৰীসভাত স্থান দিছিল। প্ৰথম কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব চম্ভালিছিল হিমন্ত বিশ্ব শৰ্মাই।

ৰাজনীতিত পৰিপক্কতা কেনেকৈ বাঢ়িছিল?

২০০৬ চনত অসমত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে। জলুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা পুনৰ নিৰ্বাচিত হৈ আহে। তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক শিক্ষা, স্বাস্থ্যকে ধৰি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিছিল। ২০১১ত তৃতীয়বাৰৰ বাবে তৰুণ গগৈৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল। হিমন্ত বিশ্ব শৰ্মাই গগৈৰ মন্ত্ৰী সভাত অতিকৈ বিশ্বস্ত আৰু ক্ষমতাশালী মন্ত্ৰী ৰূপে শিক্ষা, স্বাস্থ্য, গুৱাহাটী উন্নয়ন আদি বিভাগসমূহৰ দায়িত্ব পাইছিল ।

অসমত বিজেপিয়ে প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ পিছত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল সৰ্বানন্দ সোণোৱালে । সোনোৱাল মন্ত্ৰী সভাত শিক্ষা,স্বাস্থ্য,লোকনিৰ্মান,বিত্ত আদি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছিল শৰ্মাক। ৰাজ্যৰ ৰাজনীতিত সৰ্বানন্দ সোণোৱালৰ সমান্তৰালভাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও চৰ্চিত হৈ পৰিছিল। মাজতে শিক্ষা বিভাগৰ দায়িত্ব তেওঁৰ হাতৰ পৰা আতৰাই সিদ্ধাৰ্থ ভট্টচাৰ্যক অৰ্পণ কৰা হৈছিল যদিও পুনৰ সেই দায়িত্ব তেওঁক দিয়া হয়। ২০২১ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্যতম ৰূপকাৰ। অসমৰ প্ৰায়বোৰ সমষ্টিতে শৰ্মাই প্ৰচাৰ অভিযানত অংশ লৈছিল।

যথেষ্ট চৰ্চা আৰু বিতৰ্কৰ মাজতো থাকে হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ মন্তব্য কাম-কাজ সকলো লৈ সংবাদ মাধ্যমত চলে সৰৱ আলোচনা । নিজস্ব ষ্টাইলেৰে কাম কৰা হিমন্ত বিশ্ব শৰ্মাক সাধাৰণ জনতাই ভাবে এজন ক্ষমতাবান আৰু অতি সক্ৰিয় নেতা।

ওপজা দিনৰ শুভেচ্ছা…

বিশেষকৈ বিভিন্ন ক্ষেত্ৰত তেওঁৰ তৎপৰতা,পৰিকল্পিত ভাবে কৰা কৰ্মকাণ্ডই তেওঁৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি কৰে । কৰোনাৰ কালত হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতাৰে পৰিস্থিতি চম্ভালিছিল সেয়া লক্ষণীয় আৰু প্ৰশংসাৰ যোগ্য আছিল। একেদৰে পৰৱৰ্তী সময়ত নিৰ্বাচনী কালত কোৰোনাক লৈ তেওঁ কৰা মন্তব্যই ৰাষ্ট্ৰীয় সংবাদ মধ্যমতো সমালোচনাৰ জোৱাৰ তুলিছিল। সুক্ষ্মভাবে প্ৰতিটো দিশ পৰ্যবেক্ষণ আৰু পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ তেওঁ পৰিপক্ক। সাধাৰণ লোকে কি বিচাৰে সেয়া তেওঁ অনুভৱ কৰিব পাৰে। সেই ধৰণেই এজন বাকপটু নেতা হিচাপে ক’ত কেনেকৈ কি উত্তৰ দিব লাগে সেয়াও তেওঁ ভালদৰে জানে। তাৰ্কিক হিচাপেও হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিল। হিচাপ নিকাচ কৰি প্ৰতিটো কামত হাত দিয়া হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা আৰু তেওঁ কোৱাৰ দৰে সপোনৰ অসম খন গঢ়াৰ ক্ষেত্ৰত তেওঁক সম্পূৰ্ণৰূপে অসফল বুলিও ক’ব নোৱাৰি৷ সাধাৰণ মানুহৰ বহু আশা আছে। সেই আশাবোৰ পুৰণৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত সফল হ’ব পাৰে নে নোৱাৰে সেয়া সময়ে ক’ব যদিও ওপজা দিনটোত আমিও জনালো ব্যতিক্ৰমী মুখ্যমন্ত্ৰীগৰাকীলৈ অলেখ শুভকামনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি...

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.