প্ৰত্যোক লোকেই এটা নিৰাপদ আৰ্থিক ভৱিষ্যৎ গঢ়ি তুলিব খোজে৷ কিন্তু আজিৰ দিনত য’ত বজাৰৰ ওঠানমা থাকে তাৰবাবে মানুহে এনে এক বিনিয়োগৰ সন্ধান কৰে যি নিৰাপত্তাৰ ওপৰিও স্থিৰ বৃদ্ধি নিশ্চিত কৰে৷ এনে নিৰ্ভৰযোগ্য এক বিকল্প হৈছে ডাকঘৰৰ ফিক্সড ডিপজিট স্কিম৷
ডাকঘৰৰ ফিক্সড ডিপোজিট স্কিমে কেনেকৈ কাম কৰে?
ধৰা হ’ল আপুনি এককালীন ৫ লাখ টকা বিনিয়োগ কৰে৷ ৫ বছৰৰ ভিতৰত এই টকা বৃদ্ধি পাই প্ৰায় ৭,২৪,৯৭৪ টকা হব৷ আপুনি সুদ হিচাপেই পাব ২,২৪,৯৭৪ টকা৷
সুদৰ হাৰ আৰু ম্যাদ
ম্যাদঃ ৫ বছৰ
সুদৰ হাৰঃ বাৰ্ষিক ৭.৫শতাংশ
বিনিয়োগঃ ৫,০০,০০০
পৰিণত অৰ্থঃ ৭,২৪,৯৭
যদি ৫ লাখ আপুনি বেংকৰ ছেভিংছ একাউণ্টত ৰাখে তেন্তে আপুনি সেই সুদ লাভ নকৰে৷ কিন্তু সেই ধন যদি ডাকঘৰৰ ফিক্সড ডিপজিটত ৰাখে তেন্তে ৫ বছৰৰ মাজত সেই ধন হব প্ৰায় ৭.২৫ লাখ৷
(এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্য প্ৰদানৰ উদ্দেশ্যে প্ৰচাৰ কৰা হৈছে৷ ইয়াত বৰ্ণিত ম্যাদ আৰু সুদৰ হাৰ পৰিবৰ্তিত হৈ থাকে৷ বিনিয়োগৰ পূৰ্বে আপুনি স্থানীয় ডাকঘৰত লৈ এই বিষয়ে সঠিককৈ জানি লওক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















