নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা কৈছিল বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে কিছু সমস্যাও আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ এই ক্ষেত্ৰত ধন হেৰুওৱাৰো কোনো কথা নাই৷
এইবাৰ বেংক ডিপোজিট স্কিমৰ কথা যদি কোৱা হয় তেন্তে বেছিভাগ ব্যক্তিৰেই মূৰত আহে ফিক্সড ডিপোজিটৰ প্ৰসংগ৷ ইয়াৰ মাজত অৱশ্যে ভুল নাই৷ বৰ্তমান বেংকসমূহত ফিক্সড ডিপোজিটত বেছ ভাল হাৰত সুদ অফাৰ কৰা হৈছে৷ এইবাৰ যদি চিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে এইক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটৰ বেছি হয়৷ কোনোৱে বিচাৰিলে প্ৰবীণ সদস্যৰ নামতো ফিক্সড ডিপোজিট কৰিব পাৰে বেংকত৷
কিন্তু ফিক্সড ডিপজিট মুদ্ৰাস্ফীতিৰ সৈতে সংযুক্ত নহয়৷ নিয়মিত বিনিয়োগৰ মাধ্যমেৰে অলপ টকা বিনিয়োগ কৰিয়েই ডাঙৰ তহবিল গঢ়ি তুলিব পাৰে৷ বৰ্তমান ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডি বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত আৰ ডি অফাৰ কৰে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই স্কিমত ৬.৭ শতাংশ হাৰত সুদ দিছে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডিৰ মেচিউৰিটি হয় ৫ বছৰত৷ কিন্তু ৩ বছৰ পাছতো এই ধন আপুনি তুলি ল’ব পাৰে৷ আৰ ডিৰ বিশেষত্ব হৈছে এই স্কিমত কোনো অসুবিধা নাই, ইয়াত ধন সম্পূৰ্ণ নিৰাপদ৷ সৰু বিনিয়োগকাৰীৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডি বিনিয়োগৰ এক জনপ্ৰিয় বিকল্প৷
আৰ ডি এনে এক স্কিম, যাৰ বিপৰীতে বিনিয়োগকাৰীয়ে ঋণ ল’ব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমাণৰ ৫০ শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিতো শোধ কৰিব পাৰি৷ ঋণৰ সুদৰ ৰেকাৰিং ডিপোজিটৰ সুদতকৈ ২শতাংশ বেছি হয়৷
পোষ্ট অফিচ আৰ ডি স্কিম ৫ বছৰ অৰ্থাৎ ৬০ মাহ ম্যাদৰ হয়৷ আৰু আৰু ৫ বছৰৰ বাবে আপুনিও বঢ়াইয়ো ল’ব পাৰে৷ কোনোৱে যদি পোষ্ট অফিচ আৰ ডি স্কিমত প্ৰতিমাহে ৩৫০০ টকা জমা কৰে, তেন্তে ৬০ মাহৰ পাছত অৰ্থাৎ ম্যাদপূৰ্তিত মুঠ ২,৪৯,৭৭৬ টকা পাব৷ ইয়াৰ মাজত নিজৰ জমা টকা হ’ব ২,১০,০০০ টকা আৰু ৩৯,৭৭৬ টকা সুদ অন্তৰ্ভুক্ত আছে৷
(এই ৰিপৰ্ট কেৱল তথ্যৰ উদ্দেশ্যে লিখা হৈছে৷ কোনো ধৰণৰ বিনিয়োগ কৰাৰ পূৰ্বে আৰ্থিক বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক৷)