আজিৰ বিশ্বত সকলোৱে ধন সম্পূৰ্ণ নিৰাপদে থাকক বুলি ভাল ঠাইত ধন বিনিয়োগ কৰিব খোজে৷ যদি আপুনি ধন হেৰুৱাৰ ভয় নথকাকৈ লাভৰ স্কিম বিচাৰিছে তেন্তে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমটো দুৰ্দান্ত৷ চৰকাৰী গেৰেণ্টি আৰু ৬.৭ শতাংশৰ চমৎকাৰ সুদৰ হাৰে ইয়াক মধ্যবিত্তৰ বাবে নিৰ্ভৰযোগ্য বিনিয়োগৰ বিকল্প কৰি তুলিছে৷
পোষ্ট অফিচ RDৰ কেলকুলেছন কি?
পোষ্ট অফিচ RDত অলপ পৰিমাণে বিনিয়োগ আৰম্ভ কৰিব পাৰে৷
দীৰ্ঘম্যাদত এই স্কিমে এজনক লাখপতি হিচাপে গঢ়ি তোলাত সহায়ক৷
বৰ্তমান RDত ৬.৭ শতাংস বাৰ্ষিক সুদ দিয়া হৈছে৷
সুদ ত্ৰৈমাহিক চক্ৰবৃদ্ধিৰ মাধ্যমেৰে গণনা কৰা হৈছে৷
চক্ৰবৃদ্ধিয়ে দ্ৰুত অৰ্থ বৃদ্ধিত সহায় কৰে৷ এক ডাঙৰ ফাণ্ড তৈয়াৰ কৰাও ইয়াৰ দ্বাৰাই সম্ভৱ৷
২৫০০০ টকা বিনিয়োগৰ পৰা ৪২ লাখৰ ফাণ্ড
কেনেকৈ ২৫০০০ টকাৰ মাহিলী বিনিয়োগে আপোনাক ৪২ লাখতকৈ বেছি ফাণ্ড দিব পাৰে?
মাহিলী বিনিয়োগঃ ২৫০০০ টকা৷
বিনিয়োগৰ ম্যাদঃ ১০ বছৰ
সুদৰ হাৰঃ ৬.৭শতাংশ বাৰ্ষিক
মুঠ বিনিয়োগঃ ৩০, ০০, ০০০ টকা
সুদঃ ১২, ৮০, ১৭৯ টকা
মুঠ ফাণ্ডঃ ৪২, ৮০, ১৭৯ টকা৷
১০ বছৰত আপুনি আপোনাৰ পকেটৰ পৰা মুঠ ৩০লাখ টকা জমা কৰিব৷
যাৰ ওপৰত চৰকাৰে আপোনাক মাত্ৰ ১২.৮০ লাখ টকা সুদ দিব৷
মাত্ৰ ১০ বছৰৰ ম্যাদ
পোষ্ট অফিচ RDৰ মূল ম্যাদ ৫ বছৰ৷
নিয়ম অনুসৰি ইয়াক পৰবৰ্তী ৫ বছৰৰ বাবেও বঢ়াব পাৰি৷
মুঠ ১০ বছৰৰ বিনিয়োগে দীৰ্ঘম্যাদি সুবিধা দিয়ে৷
চক্ৰবৃদ্ধি বা কম্পাউণ্ডিং সুদৰ ওপৰতো সুদ দিয়ে৷
দীৰ্ঘম্যাদত কেৱল সুদৰ পৰাই লাখ লাখ টকা পাব পাৰে আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















