নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত ভাল ৰিটাৰ্ণ পোৱা যায়৷ এই দাবী কৰে বিনিয়োগ বিশেষজ্ঞসকলে৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ কিন্তু সকলোবোৰ বিনিয়োগক বিশ্বাস কৰিব নোৱাৰি৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ সকলো ক্ষেত্ৰত ধন হেৰুওৱাৰ ভয় নাই৷
যদি বেংক ডিপোজিট স্কিমৰ কথা কোৱা হয় তেন্তে বেছিভাগ লোকৰ মনতেই আহে ফিক্সড ডিপোজিটৰ কথা৷ বৰ্তমান ফিক্সড ডিপজিটত ভাল হাৰত সুদ অফাৰ কৰি থকা হৈছে৷ চিনিয়ৰ চিটিজেনৰ কথা যদি ধৰা হয় তেন্তে তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটত বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷
কিন্তু বিনিয়োগৰ আৰু এটা ভাল বিকল্প হৈছে আৰ ডি বিনিয়োগ মাধ্যম৷ বিভিন্ন বেংকত বিভিন্ন সুদৰ হাৰত আৰ ডি খুলিব পাৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিম বৰ্তমান খুবেই জনপ্ৰিয় হৈছে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই স্কিমত ৬.৭শতাংশ হাৰত সুদ দিছে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডিৰ মেচিউৰিটি ৫ বছৰত হয়৷ কিন্তু ৩বছৰ পাছত এই ধন উঠাই লব পাৰে৷ আৰ ডিৰ বিশেষত্ব হৈছে এই স্কিমত ধন হেৰুৱাৰ ভয় নাই ইয়াত ধন সম্পূৰ্ণ নিৰাপদ৷ সৰু বিনিয়োগকাৰীৰ ক্ষেত্ৰত পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডি বিনিয়োগৰ এটা জনপ্ৰিয় বিকল্প৷
আৰ ডিৰ বিপৰীতে বিনিয়োগৰাকীয়ে ঋণো লব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা ধনৰ পৰিমাণৰ ৫০শতাংস পৰ্যন্ত ঋণ লব পাৰে৷ ঋণ একক বা কিস্তিত শোধ কৰিব পাৰি৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপোজিটৰ সুদতকৈ ২ শতাংশ বেছি হব৷
ধৰা হল কোনোৱে যদি ৫ বছৰৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে ১০০০০ টকাকৈ জমা কৰে তেন্তে কেলকুলেটৰ অনুসৰি মেচিউৰিটিৰ সময়ত পোৱা যাব মুঠ ৭,১৩,৬৫৯ টকা৷ এতিয়া সুদ হিচাপে পোৱা যাব ১,১৩,৬৫৯ টকা৷
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে ১২০০০ টকা জমা কৰিলে ৫ বছৰত কিমান টকা পোৱা যাব? পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত কোনোৱে যদি ৫ বছৰৰ বাবে প্ৰতি মাহে ১২০০০ টকা জমা কৰিলে তেওঁলোকে মেচিউৰিটিৰ সময়ত পাব মুঠ ৮,৫৬,৩৮৮ টকা৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত কোনোৱে যদি ৫ বছৰৰ বাবে প্ৰতিমাহে ১২০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব ১, ৩৬, ৩৮৮ টকা৷ এই সুদৰ হিচাপ ধৰা হৈছে পোষ্ট অফিচৰ বৰ্তমান বাৰ্ষিক সুদৰ হাৰ ৬.৭শতাংশ ধৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ