কেৱল বেংকেই নহয়, পোষ্ট অফিচৰ এনে কিছু স্কিম আছে যি ইমানেই উপকাৰী যে সেইসমূহত বিনিয়োগ কৰিলে কোটিপতি হ’ব পাৰে৷ এনে এক স্কিম য’ত মাত্ৰ ৫ বছৰত কোটিপতি হৈ পৰিব পাৰে৷ এই পোষ্ট অফিচ স্কিমসমূহ চৰকাৰী গেৰেণ্টিসহ সেয়ে ইয়াত ক্ষতিৰ কোনো আশংকা নাই৷ জানক পোষ্ট অফিচৰ এই স্কিম কি? পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতিমাহে ২৫,০০০ টকা বিনিয়োগ কৰিলে ৫ বছৰত আয় হ’ব ১৭ লাখ টকাতকৈ বেছি৷ এই স্কিমে ৬.৫শতাংশ বাৰ্ষিক আৰু মাহিলী চক্ৰবৃদ্ধি সুদ প্ৰদান কৰে৷ ইয়াৰ অৰ্থ হৈছে মুঠ জমাৰ অৰ্থৰ ওপৰত ২.৭৮ লাখ টকা সুদ পাব৷ ইয়াৰ অৰ্থ হৈছে ৫ বছৰৰ পাছত ১৭,৭৪,৭৭১ টকা পাব৷
কোনে কোনে একাউণ্ট খুলিব পাৰে?
যিকোনো ভাৰতীয় পোষ্ট অফিচত আৰ ডি স্কিম খুলিব পাৰে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে দুই বা তিনিজনে একেলগে এটা একাউণ্ট খুলিব পাৰে৷ এটা পোষ্ট অফিচ আৰডিত সৰ্বনিম্ন বিনিয়োগ ১০০ টকা আৰু সৰ্বোচ্চ যিকোনো পৰিমাণ হ’ব পাৰে৷ প্ৰয়োজনত পোষ্ট অফিচৰ আৰ ডি বন্ধ কৰিব পাৰে, অৱশ্যে কিছু নিয়ম আছে৷ এই নিয়ম মানি আৰ ডি বন্ধ কৰা হয়৷ যদি একাউণ্টধাৰক RD ম্যাদপূৰ্তিৰ তাৰিখৰ পূৰ্বে মৃত্যু হয় তেন্তে আইনী উত্তৰাধিকাৰীয়ে RD তহবিল পাব৷ উত্তৰাধিকাৰীয়ে অৱশ্যেই পোষ্ট অফিচত কিছু নথি জমা দিব লাগিব, যৰ পৰা আপুনি টকা পাব৷ যদি উত্তৰাধিকাৰীয়ে সেই RD চলাইয়ো যায় তেন্তে ম্যাদপৰ্যন্ত চলাই যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















