সূৰ্যৰ সকলোতকৈ কাষৰ গ্ৰহ বুধৰ জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষ গুৰুত্ব আছে৷ বুধক কোৱা হয় যুৱৰাজ গ্ৰহ৷ এই গ্ৰহৰ শুভ প্ৰভাৱত জাতকৰ বুদ্ধি, জ্ঞান, কৰ্মক্ষমতা, বচনশক্তি আৰু লেখাপঢ়াত মনোযোগ বাঢ়ে৷ আজি ২৪ অক্টোবৰ শুকুৰবাৰৰ পৰাই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে বুধে৷ ২৩ নৱেম্বৰ পৰ্যন্ত বুধ বৃশ্চিক ৰাশিতেই থাকিব৷ জানি থওক বুধৰ গোচৰৰ ফলত সকলোতকৈ বেছি লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?
বৃষ ৰাশি
বুধৰ ৰাশি পৰিবৰ্তন লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ পৰিশ্ৰম কৰিলে ব্যৱসায় আৰু চাকৰিত অৱশ্যেই শুভ ফল পাব৷ এই সময়ত আপোনাৰ সন্মুখত সাফল্যৰ নতুন পথ খুলিব৷ ব্যক্তিগত সম্পৰ্কত সুখ, শান্তি আৰু পাৰস্পৰিক বুজাপৰা ভালে থাকিব৷ অফিচত উন্নতি কৰাৰ যোগ আছে৷
সিংহ ৰাশি
বুধৰ গোচৰৰ প্ৰভাৱত সকলো কামতে সাফল্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত পেছাগত জীৱনত উন্নতি কৰিব পাৰিব৷ মনত আনন্দ থাকিব৷ ব্যৱসায়ত নতুন যোগাযোগ গঢ়ি উঠিব৷ ইয়াৰ ফলত ব্যৱসায়ত সাফল্য পাব৷ দ্বিগুণ আয় কৰিব পাৰিব৷ অফিচত চিনিয়ৰৰ প্ৰশংসা লাভ কৰিব৷
তুলা ৰাশি
চাকৰিত উন্নতি কৰাৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব পাৰে আৰু আপোনাৰ সুনাম চৌদিশে বিয়পি পৰিব৷ অফিচৰ পৰিবেশ আপোনাৰ অনুকূলে থাকিব৷ নিজৰ কামেৰে ব্যৱসায়ত আৰু আগুৱাই যাব পাৰিব৷ শত্ৰুৱে আপোনাক বিপদত পেলোৱাৰ চেষ্টা কৰিলেও নিজৰ জ্ঞান আৰু বুদ্ধিৰে সকলো প্ৰতিকূলতা আপুনি দূৰ কৰি আগুৱাব পাৰিব৷
বৃশ্চিক ৰাশি
সকলো দিশৰ পৰাই লাভৱান হব বৃশ্চিক ৰাশিৰ জাতক৷ এই সময়ত বুধৰ গোচৰৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বৃশ্চিক ৰাশিতেই এই সময় অৱস্থান কৰিব বুধে৷ ইয়াৰ প্ৰভাৱত আপোনাৰ ব্যৱহাৰত পৰিবৰ্তন আহিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা থাকিব৷ প্ৰয়োজনত সাহসী সিদ্ধান্ত ল’ব পাৰে৷
কুম্ভ ৰাশি
বুধৰ গোচৰৰ প্ৰভাৱত ব্যৱসায়ত বিশেষ উন্নতি কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ এই সময়ত কুম্ভৰ কেৰিয়াৰৰ ঘৰলৈ আহিব বুধ৷ কৰ্মক্ষেত্ৰত খ্যাতি বাঢ়িব কুম্ভৰ জাতকৰ৷ কেৰিয়াৰত আপোনাৰ চেষ্টাই সাফল্য কঢ়িয়াই আনিব৷ ডাঙৰ আৰ্থিক সাফল্য আহিব৷ ব্যক্তিগত সম্পৰ্কসমূহ আৰু মজবুত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















