মধ্যবিত্ত মানুহৰ সঞ্চয় আৰু বিনিয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছু সহজ আৰু নিৰাপদ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পসমূহ খুবেই সহজ৷ যিকোনো পোষ্ট অফিচতে খুলিব পাৰে৷ ভাল সুদৰ হাৰ প্ৰদান কৰে আৰু চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে নিশ্চিত৷
সঞ্চয় প্ৰকল্পত উচ্চ মুনাফা প্ৰদানৰ ক্ষেত্ৰত পোষ্ট অফিচে দেশৰ বৃহত্তম বেংকসমূহকো চেৰ পেলাইছে৷ এক সাধাৰণ ছেভিংছ একাউণ্টৰ ওপৰিও টি ডি, আৰ ডি, এম আই এছ, এছ চিএছ এছ আৰু পিপিএফৰ দৰে বিভিন্ন সঞ্চয় প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷
ইয়াত আমি পোষ্ট অফিচৰ টি ডি স্কিম সম্পৰ্কে জানিম৷ যি বেংকৰ এফ ডিৰ দৰে আৰু এক নিৰ্দিষ্ট সময়ৰ পাছত নিৰ্দিষ্ট সুদসহ সম্পূৰ্ণ টকা উভতাই দিয়াৰ নিশ্চয়তা দিয়ে৷ পোষ্ট অফিচৰ বহু গ্ৰাহকে কেৱল এফ ডি শব্দটো উল্লেখ কৰি টি ডি একাউণ্ট খোলে৷ এক নজৰত জানি থওক পোষ্ট অফিচৰ ১২ মাহৰ টিডি স্কিমত ২ লাখ জমা ৰাখিলে কিমান সুদ পোৱা যাব?
পোষ্ট অফিচত ১, ২, ৩ আৰু ৫ বছৰৰ ম্যাদত টি ডি একাউণ্ট খোলা হয়৷ পোষ্ট অফিচৰ ১ বছৰ, ২ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ বাবে এফ ডি একাউণ্ট খুলিব পাৰে৷ এফ ডি একাউণ্টসমূহ টি ডি বা টাইম ডিপোজিটৰ নামেৰে খোলা হয়৷ পোষ্ট অফিচৰ সঞ্চয় প্ৰকল্পসমূহত ধন সম্পূৰ্ণ নিৰাপদ৷ কাৰণ সেইসমূহ পোনপটীয়াকৈ ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত৷ পোষ্ট অফিচত ১ বছৰৰ ম্যাদত টি ডিত ৬.৯ শতাংশ, ২ বছৰৰ ম্যাদত ৭ শতাংশ, ৩ বছৰৰ ম্যাদত ৭.১ শতাংশ আৰু ৫ বছৰৰ ম্যাদত ৭.৫ শতাংশ সুদ প্ৰদান কৰে৷
কোনোৱে যদি ২০০,০০০ টকা জমা কৰে তেতিয়া কিমান সুদ পাব?
পোষ্ট অফিচৰ ১২ মাহৰ টি ডি স্কিমত ২০০,০০০ টকা জমা কৰিলে ম্যাদপূৰ্তিত মুঠ ২১৪,১৬১ টকা পাব৷ যাৰ মাজত ১৪,১৬১ টকা সুদ হিচাপে অন্তৰ্ভুক্ত৷ উল্লেখ্য যে পোষ্ট অফিচৰ ৫ বছৰৰ ম্যাদী টি ডি একাউণ্টত ৭.৫ শতাংশ সুদ দিয়া হয়৷ যি দেশৰ অন্য কোনো বেংকে নিদিয়ে৷ মনত ৰখা ভাল যে পোষ্ট অফিচৰ টি ডি স্কিমৰ অধীনত সকলো বয়সৰ গ্ৰাহকে সমানে সুদ পায়৷ বেংকৰ চিনিয়ৰ চিটিজেনে সাধাৰণ নাগৰিকতকৈ ০.৫০ শতাংশ বেছি সুদ লাভ কৰে৷ বহু বেংকে ৮০ বছৰতৈ বেছি বয়সীয়া গ্ৰাহকক আৰু বেছি সুদ প্ৰদান কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ