অসম লাইভ২৪ঃ দেশৰ সকলো মানুহকেই বেংক একাউণ্ট খোলোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই। বৰ্তমানো দেশৰ ১৫ কোটি লোকৰ কোনো বেংক একাউণ্ট নাই। সকলোকে বেংক একাউণ্ট খোলোৱাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰীয়ে দেশত আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী জন-ধন যোজনা। এই যোজনাৰ জৰিয়তে বহুলোকক বিনামূলীয়াকৈ একাউণ্ট খোলাৰো ব্যৱস্থা কৰিছে মোদী চৰকাৰে।
প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ একাউণ্ট থকা লোকসকলে ১০,০০০ টকা পৰ্যন্ত অভাৰড্ৰাফ্টেৰ সুবিধা লাভ কৰিব। এই অভাৰড্ৰাফ্টৰ সীমা পূৰ্বতে আছিল ৫০০০টকা। এতিয়া তাৰ পৰিমান দুগুণ কৰি ১০,০০০ লৈ বৃদ্ধি কৰা হৈছে। কোনো চৰ্ত নৰখাকৈয়ে ২০০০ পৰ্যন্ত অভাৰড্ৰাফ্টৰো সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰিছে বিশেষ সূত্ৰই। এই অভাৰড্ৰাফ্টৰ সুবিধা ল’বলৈ আবেদনকাৰীৰ জন-ধন একাউণ্টটো কমেও ৬ মাহ পুৰণি হ’ব লাগিব। পূৰ্বে এই অভাৰড্ৰাফ্টৰ উৰ্দ্ধসীমা আছিল ৬০ বছৰ। বৰ্তমান সেই বয়স বৃদ্ধি কৰি ৬৫ বছৰ কৰা হৈছে।
উল্লেখ্য যে, PMJDY একাউণ্টসমূহত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা, প্ৰধানমন্ত্ৰী নিৰাপত্তা বীমা যোজনা, অটল পেঞ্চন যোজনা, মাইক্ৰ ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেন্সি বেংক স্কীমৰ বাবেও যোগ্য বুলি ঘোষণা কৰা হৈছে। প্ৰতি পৰিয়ালৰ মাত্ৰ এজন ব্যক্তিয়েহে এই অভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব। এইক্ষেত্ৰত মহিলাসকলেই অগ্ৰাধিকাৰ পাব, লগতে একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক বুলি বেংক কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ