পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক ধৰ্ষ*, মোৰ লগতো…
কৰ্নাটকৰ বহু চৰ্চিত ৩০০০ ভিডিঅ’ৰে দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা প্ৰজ্বল ৰেভান্নাৰ কাণ্ডৰ পুনৰ আন এক অধ্যায়। এইবাৰ এগৰাকী পীড়িতাই নিজে সমুখলৈ আহি উত্থাপিত কৰে চাঞ্চল্যকৰ অভিযোগ। মাতৃক ধৰ্ষণ কৰিছিল প্ৰজ্বল ৰেভান্নাই, পীড়িতাৰো কাপোৰ খুলি কৰিছিল নিৰ্যাতন।
নিলম্বিত জেডি (এছ) নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই ৷ পৰিচয় ৰাজহুৱা নকৰা মহিলাগৰাকীয়ে অভিযোগ কৰে যে প্ৰজ্বল ৰেভান্নাই চাৰি-পাঁচ বছৰ পূৰ্বে নিজৰ বেংগালুৰুৰ বাসগৃহত মাতৃক ধৰ্ষণ কৰিছিল।
পীড়িতাই লগতে অভিযোগ কৰে যে ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰজ্বল ৰেৱন্নাই ভিডিঅ’ কলৰ উত্তৰ দিবলৈ জোৰ কৰিছিল, লগতে মাতৃৰ প্ৰাণৰ ভয় ভাবুকি দি ভিডিঅ’ কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল যুৱতীক।
যুতীয়ে দিয়া ভাষ্য অনুসৰি, “প্ৰজ্বলে মোক ভিডিঅ ফোন কৰি কাপোৰ খুলিবলৈ কৈছিল। মাৰ মোবাইলত ফোন কৰি ভিডিঅ’ কল ৰিচিভ কৰিবলৈ বাধ্য কৰাইছিল। মই নাকচ কৰাৰ সময়ত তেওঁ মোক আৰু মাৰ ক্ষতি কৰাৰ ভাবুকি দিছিল। ”
মহিলাগৰাকীয়ে অভিযোগ কৰে যে, “মোৰ মাক প্ৰজ্বল ৰেভান্নাই ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাইছিল। এইচ ডি ৰেভান্নাইয়ো যৌন নিৰ্যাতন চলাইছিল।”
“প্ৰজ্বলে মোৰ মাক ভাবুকি দিছিল যে যদিহে তেওঁ সহযোগ নকৰে তেন্তে স্বামীৰ চাকৰি কাঢ়ি নিব, তেওঁক নিবনুৱা কৰি তুলিব, আনকি তেওঁৰ ছোৱালীকো ধৰ্ষণ কৰিব।” ভয় ভাবুকিৰে মাকৰ সৈতে ধৰ্ষণ কৰাৰ সময়ত ভিডিঅ কৰি ৰাখিছিল প্ৰজ্বলে। পাছত আৰক্ষীৰৰ হাতত লগা ৩০০০ অশ্লীল ভিডিঅৰ ভিতৰত এটা মাকৰ।
৩৩ বছৰীয়া জেডি(এছ) সাংসদ আৰু পিতৃৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগৰ এই কেলেংকাৰীয়ে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে কৰ্নাটকৰ শাসকীয় দল কংগ্ৰেছ আৰু বিজেপি-জেডি(এছ)ৰ মাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ