• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন…

ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন…

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

1 hour ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

2 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

2 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

2 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

3 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

4 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

4 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

6 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

6 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

7 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

8 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন…

editor by editor
November 11, 2022
in অসম, জীৱনশৈলী, ৰাজনীতি
0
ওপজা দিনত চৰ্চা! হাগ্ৰামতকৈ শ্ৰেষ্ট বিবেচনা কৰিব পাৰি নেকি প্ৰমোদ বড়োক? প্ৰমোদ বড়োৰ এইকেইটা দিশেই বড়োসমাজক দেখুৱাইছে নতুন বড়োলেণ্ডৰ সপোন…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ওপজা দিন। কিন্তু প্ৰমোদ বড়ো কোন? কেৱল বিটিচি প্রধানেই প্ৰমোদ বড়োৰ পৰিচয় নে? এটা বাক্যত যদি প্ৰমোদ বড়োৰ পৰিচয় দিয়া হয় তেন্তে পোনতেই ক’ব লাগিব, প্ৰমোদ বড়ো এগৰাকী জাতীয়তাবাদী নেতা। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত প্ৰমোদ বড়োয়ে ২০০৯ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হয়। ক্ৰমাৎ স্তিমিত হৈ পৰা পৃথক বড়োলেণ্ড আন্দোলন তেখেতৰ দিনতেই পুনৰ সক্ৰিয় হৈ পৰে। এই আন্দোলনে বড়োভূমিত এক ব্যাপক জনজাগৰণৰ ৰূপ লয়। তেখেতে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত থাকোতেই ৰাজ্যৰ সমগ্ৰ বড়োসমাজৰ মাজত শিক্ষাৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰচেষ্টা চলায়। প্ৰমোদ বড়োৱে ছাত্ৰ ৰাজনীতিত জড়িত হোৱা দিনতেই বিশেষকৈ তেওঁলোকৰ মাতৃভাষা বড়ো মাধ্যমত শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব দিছিল।

কিয় বড়োলেণ্ডবাসীয়ে হাগ্ৰামতকৈ শ্ৰেষ্ঠ বিবেচনা কৰিলে প্ৰমোদ বড়োক?

প্ৰমোদ বড়োৰ জীৱনৰ বিশেষ কৃতিত্ব বুলিলে ক’ব লাগিব তৃতীয় বড়ো শান্তি চুক্তি। তেখেতে ৰাজনৈতিক জীৱনৰ অধিক সময় পাৰ কৰিছিল বড়োভূমিত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ চেষ্টাত। তেখেতৰ এই প্ৰচেষ্ঠা বহুলাংশে সফল হৈছে বুলিও ক’ব পাৰি। কিয়নো বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই এন ডি এফ বিৰ আটাইকেইটা গোটেই অস্ত্ৰ সম্বৰণ কৰিছে। ইয়াৰোপৰি তেখেতে বি টি আৰ চুক্তিৰ জড়িয়তে বি টি চি প্ৰশাসন আৰু চৰকাৰলৈ অধিক ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰতিশ্ৰুতিও আদায় কৰিছে।

সংসদীয় ৰাজনীতিত সফলনে প্ৰমোদ বড়ো?

তৃতীয় বড়ো শান্তি চুক্তি সফলতাৰে সম্পাদন কৰাৰ পাছতেই প্ৰমোদ বড়োৱে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অৱসৰ লৈ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ইউনাইটেড পিপলছ পাৰ্টি অৱ লিবাৰেলত যোগদান কৰে। অৰ্থাৎ চমুকৈ ইউপিপিএল। ২০২০ চনৰ ১৫ ডিচেম্বৰত বি টি চি নিৰ্বাচনত ভাগ লৈ প্ৰমোদ বড়ো নেতৃতাধীন ইউ পি পি এল দলে মুঠ ১২ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে ১১ খন আসন, আৰু গণ সুৰক্ষা পাৰ্টি ১খন আসন লাভ কৰে। বিজেপি মিত্ৰজোঁটৰ সৈতে মিত্ৰতা কৰি প্ৰমোদ বড়োৱে বি টি চিত চৰকাৰ গঠন কৰে। তেওঁৰ ১৬ বছৰীয়া হাগ্ৰামা ৰাজৰ অন্ত পেলাই বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিস্থিত হবলৈ সক্ষম হ’ল।

প্ৰমোদ বড়োয়ে বড়ো জনসাধাৰণৰ সপোন পূৰণ কৰিব পাৰিবনে?

ৰাষ্ট্ৰীয়তাবাদী দল বিজেপি আৰু বড়োভূমিৰ অবড়োসকলৰ ৰক্ষকস্বৰূপ গণ সুৰক্ষা পাৰ্টিৰ লগত সন্মিলিত চৰকাৰ গঠন কৰাৰ পাছতেই একাংশ ৰাজনৈতিক বিশ্লেষকে প্ৰশ্ন কৰিছে, প্ৰমোদ বড়োয়ে সঁচাকৈয়ে বড়োসকলৰ ৰাজনৈতিক সপোন পূৰণ কৰিব পাৰিবনে? নে তেওঁ আৰু তেওঁৰ দলে বিজেপি দলৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ বুকুত নিঃশেষ হৈ যাব। বড়োসকলৰ সপোন পূৰণ কৰিব পাৰিবনে ৰাষ্ট্ৰীয়তাবাদৰ হাতত ধৰি? বড়োসকলৰ প্ৰধান দাবীয়েই হৈছে নিজ জাতি আৰু ভাষাৰ উন্নতি সাধন কৰা, ভাৰতৰ আন ৰাজ্যতকৈ তুলনামূলকভাৱে অনগ্ৰসৰ বড়ো সমাজখনৰ আৰ্থ-সামাজিক উন্নতি সাধন কৰা আৰু যদি সম্ভৱ এখন পৃথক বড়ো ৰাজ্য নাইবা স্বাধীন ৰাষ্ট্ৰ গঠন কৰা। কিন্তু বড়ো সমাজৰ যি দাবী পৃথক বড়োলেণ্ড গঠন কৰা সপোনটোত প্ৰমোদ বড়োৱে হাৰ মানিছে বুলি একাংশ বড়োলোকে আপত্তি দৰ্শোৱাও পৰিলক্ষিত হৈছে। কিন্তু বি টি আৰৰ সাংবিধানিক মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বড়ো ভাষা আৰু জাতিৰ উন্নতি সাধন কৰিবলৈ প্ৰমোদ বড়োৱে নিশ্চয়কৈ সুযোগ পাইছে। এই সুযোগৰ সদব্যৱহাৰ কৰিছেনে সেয়া বড়ো জনতাই নিশ্বয়কৈ আগন্তক সময়ৰ নিৰ্বাচনত প্ৰমাণ দিব।

মিত্ৰজোঁটক লৈ সুখীনে বড়ো জনতা?

বি টি চিৰ নতুন মিত্ৰজোঁটৰ চৰকাৰখনে বহুতো সম্ভাৱনাৰ দিশ মুকলি কৰিছে, ঠিক তেনেকৈ বহুতো দুৰ্ভাৱনাও বড়ো ৰাইজৰ মনলৈ কঢ়িয়াই ননাকৈ থকা নাই। বড়োভূমিত যদিও জাতি হিচাপে আন জাতিতকৈ বড়োসকলৰ সংখ্যাধিক কিন্তু অঞ্চলটোৰ জনবিন্যাসে এনে এটা অৱস্থা পাইছেগৈ যে, বড়োসকলে বৰ্তমান কেৱল বড়ো ভোটেৰে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাই। বড়ো জাতীয়তাবাদক মুখ্য উদ্দেশ্য কৰি আগবঢ়া প্ৰমোদ বড়োৰ দলটোৱে ৪০ খন আসনৰ ভিতৰত কেৱল ১২ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল নিৰ্বাচনত। একবিংশ শতিকাৰ অসমৰ সৰ্ববৃহৎ জনজাতীয় গোষ্ঠীটোৱেই হৈছে বড়ো। পিছে বড়োসকল কেৱল সৰ্ববৃহৎ জনগোষ্ঠীয়েই নহয়, তেওঁলোকক ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক প্ৰাচীনতম জনগোষ্ঠীও। আহোমসকলৰ অসম আগমণৰ আগলৈকে যদি অসমৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক ইতিহাস লিখা হয় তেনেহ‍’লে এই ইতিহাসৰ ৯০ শতাংশই হ’ব বড়োসকলৰ ইতিহাস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক…

টীম ব্লুৰ বিপৰ্যয়! ব্ৰিটিছ বাহিনীৰ পৰা এইকেইটা কথা শিকিবলৈ পৰামৰ্শ দিলে ভাৰতীয় দলক...

হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

হাৰ্টথ্ৰ’বৰ ওপজা দিন! ক’ত কেনেদৰে পালন কৰা হ’ব জুবিনৰ জন্মদিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.