অসম লাইভ ২৪ঃ ৰাজনীতিৰ ‘আধুনিক চানক্য’ হিচাপে খ্যাত ৰাজনৈতিক ব্যৱস্থাপক প্ৰশান্ত কিশোৰৰ অৱসৰ গ্ৰহণ। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বিজয়ৰ সন্তুষ্টিৰে অৱসৰ গ্ৰহণ কৰে প্ৰশান্ত কিশোৰে। নিৰ্বাচনী ৰণনীতিৰ বিশেষজ্ঞ হিচাপে ১০ বছৰীয়া কাৰ্যকালত ২০২১ৰ বিধানসভা নিৰ্বাচনক এক নিৰ্ণায়ক ক্ষণ হিচাপে আখ্যা দিছে প্ৰশান্ত কিশোৰে। কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপিক প্ৰত্যাহ্বান জনাই তৃণমূল কংগ্ৰেছক তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত কৰাবলৈ সক্ষম হয় প্ৰশান্ত কিশোৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰশান্ত কিশোৰে আনুষ্ঠানিকভাৱে অৱসৰ ঘোষণা কৰে। সাক্ষাৎকাৰত তেওঁ কয়, ‘মই দীৰ্ঘদিন ধৰি ৰাজনৈতিক ব্যৱস্থাপনাৰ পৰা পদত্যাগৰ কথা ভাবি আছিলো আৰু তাৰ সুযোগ চাই আছিলো। বংগই মোক সেই সুযোগ দিলে।’ প্ৰশান্ত কিশোৰৰ ৰণনীতিৰ আধাৰতেই ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদীয়ে কঁপনি তুলিছিল দেশৰ ৰাজনীতিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ