প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিল পাঞ্জাৱ দলৰ বাবে, কিদৰে !
প্ৰীতি জিণ্টাৰ এটা ভুল আশীৰ্বাদ স্বৰূপ হৈ পৰিছে তেখেতৰ আই পি এল দল পঞ্জাবৰ বাবে। অৱশ্যে এই ভুল আজিৰ নহয়, এই ভুল ২ বছৰ আগতে কৰা। যি ভুলৰ বাবে এতিয়া পাঞ্জাৱ দলটোৱে লাভৱান হৈছে। পূৰ্বে সেই ভুল কৰি অনুশোচনাত ভোগা প্ৰীতি জিন্টা এতিয়া এই ভুলৰ বাবে অত্যন্ত সুখী।
আই পি এল ২০২৪ৰ খেলুৱৈৰ নিবিদা ২০২৩ চনৰ ১৯ ডিচেম্বৰত হৈছিল। সেই নিলামতে এটা ভুল কৰিছিল প্ৰীতি জিণ্টাই। সেইবাৰৰ নিলামৰ সময়ত, ১৯ বছৰীয়া বেটছমেনৰ সলনি পঞ্জাৱ কিংছে ভুলতে ছত্তীশগড়ৰ পৰা ৩২ বছৰীয়া খেলুৱৈ শশাংক সিঙক ক্ৰয় কৰিছিল।
প্ৰীতি জিন্টাৰ পঞ্জাৱ দলে শশাংকক ক্ৰয় কৰাৰ পিছত নিজেই এই কথা স্বীকাৰ কৰিছে। যিটো এতিয়ালৈকে আটাইতকৈ ডাঙৰ ভুল যেন লাগিছিল, সেই একেজন শশাংক সিং বৰ্তমানে হৈ পৰিল পঞ্জাৱ দলৰ আটাইতকৈ ডাঙৰ শক্তি।
শশাংক সিঙে আই পি এল ২০২৪ত প্ৰীতি জিন্টা আৰু পঞ্জাৱ ফ্ৰেঞ্চাইজিক পতিয়ন নিয়াইছিল যে তেওঁক ক্ৰয় কৰাৰ সিদ্ধান্ত তেওঁলোকৰ ভুল নহয়। ২০২৪ চনৰ আই পি এলত পঞ্জাৱ কিংছৰ হৈ ফিনিচাৰ হিচাপে দেখা গৈছিল শশাংক সিঙক।
২০২৪ চনৰ আই পি এলত তেওঁ গড়ে ৪৪.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৬৪.৬৫ লাভ কৰিছিল। এই প্ৰদৰ্শনৰ ফলত ২০২৪ চনৰ ৩১ ছেপ্টেম্বৰত পঞ্জাব দলে তেওঁক আই পি এল ২০২৫ৰ বাবে ধৰি ৰাখে।
আই পি এল ২০২৫ত পঞ্জাৱৰ হৈ ভাল খেলিছে শশাংকই , এতিয়ালৈকে খেলা ১২খন মেচত তেওঁ গড়ে ৬৮.২৫ আৰু ১৫১.৬৬ ষ্ট্ৰাইক ৰেটত ২৭৩ ৰান সংগ্ৰহ কৰিছে, য’ত ২টা অৰ্ধশতক অন্তৰ্ভুক্ত।
কেৱল এয়াই নহয়, ২০২৫ চনৰ আই পি এলত ১৮ মে’ত ৰাজস্থানৰ বিৰুদ্ধে খেলা খেলখনত পঞ্জাৱৰ অধিনায়কত্বও কৰিছিল। সেই পৰিস্থিতিত শশাংক সিঙে দলটোৰ অধিনায়কত্ব কৰাই নহয়, মেচখনত জয়ী হৈ মেনেজমেণ্টৰ আস্থাৰ লগত খাপ খাই পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















