অসম লাইভ২৪ঃ মধ্যপ্ৰাচ্যৰ সংঘৰ্ষই ৪১ দিন অতিক্ৰম কৰাৰ পাছতো যুদ্ধ ৰখাৰ লক্ষণেই নাই। গাজা ভূখণ্ডৰ ওপৰত আক্ৰমণ চলায়েই আছে ইজৰাইলী সেনাই। এই যুদ্ধত মৃত্যু হৈছে বহু অসামৰিক ব্যক্তিৰো। এই বিষয়টোক লৈ অৱশেষত মুখ খুলিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই যুদ্ধ বন্ধ কৰিব লাগে। নিৰীহৰ তেজেৰে ফাঁকু খেলা বন্ধ কৰিব লাগে। যুদ্ধ বন্ধ কৰিবৰ বাবে বিশ্বৰ দেশসমূহে কিবা এটা কৰক। এই বিষয়টোক লৈ অৱশেষত বিশ্বৰ দেশসমূহৰ ওচৰত আৱেদন জনাইছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে দিল্লীত দ্বিতীয় ভয়েছ অৱ গ্লবেল ছাউথ ছামিটৰ উদ্বোধন কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। তাতেই বক্তব্যৰ মাজতে হামাছ-ইজৰাইলৰ সংঘৰ্ষৰ প্ৰসংগ তুলি ধৰিছে প্রধানমন্ত্ৰী মোদীয়ে। সংঘৰ্ষত বহু নিৰীহ মানুহৰ মৃত্যুৰ ঘটনাক সমালোচনা কৰাৰ উপৰিও বিষয়টোক লৈ উদ্বেগো প্ৰকাশ কৰিছে।
মধ্যপ্ৰাচ্যৰ ঘটনাই নতুনকৈ চেলেঞ্জ আনিছে মোদীলৈকো। তেওঁ এই সন্দৰ্ভত কয়, ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছ গোষ্ঠীয়ে আক্ৰমণ চলাইছিল। তাৰপিছতেই ইজৰাইলেও এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিছে। প্ৰত্তুত্ত্যৰ দিবলৈ গৈয়েই ইজৰাইলী সেনাই প্ৰাণ লৈছে বহু নিৰীহ যুৱক, শিশু, মহিলাৰ। এইদৰে কৰা আক্ৰমণ কেতিয়াও মানৱীয় বুলি ক’ব নোৱাৰি। অনতিপলমে এই সংঘৰ্ষ বন্ধ কৰি কূটনৈতিক আলাপ, আলোচনাৰে বিষয়টো সমাধান কৰিব লাগে বুলি আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশ্বৰ সকলো দেশেই যুদ্ধ বন্ধ কৰাৰ বিষয়ত মাত মাতিব লাগে বুলিও জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।
মোদীয়ে বক্তব্যত কয়, ‘সংঘৰ্ষক লৈ ইতিমধ্যেই মই পেলেষ্টাইনৰ প্ৰেছিডেণ্ট মাহমুদ আব্বাছৰ সৈয়ে কথা পাতিছো। ইয়াৰোপৰি মই পেলেষ্টাইনৰ নাগৰিকৰ সৈতে আছো। গাজাৰ জনগণলৈকো ভাৰতে যিমানপাৰে মানৱিক সাহায্য পঠিয়াইছে।’ কিছুদিন পূৰ্বে ভাৰতৰ দিল্লীত থকা পেলেষ্টাইনী ৰাষ্ট্ৰদূত আদনান আবু আলহাইজাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। ভাৰতক এই যুদ্ধ বন্ধ কৰিবৰ বাবে ভূমিকা গ্ৰহণ কৰাৰ কথাও চিঠিৰ জৰিয়তে জনাইছে পেলেষ্টাইনী ৰাষ্ট্ৰদূতে। ৰাষ্ট্ৰদূতৰ এই আৱেদনৰ পাছতেই প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত যুদ্ধ বন্ধ কৰিবৰ বাবে আহ্বান জনাইছে।
প্রধানমন্ত্ৰীৰ পূৰ্বে বৃহস্পতিবাৰে গাজাত চলি থকা হামাছ-ইজৰাইলৰ সংঘৰ্ষক লৈ বৈদেশিকমন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়েও বিশেষ মন্তব্য কৰিছিল। অৰিন্দম বাগচীয়ে কৈছিল, ‘যুদ্ধ ক’ত হৈছে সেই কথা পিছত আগতে আমি মানুহ। স্থান, কাল, বুলি কথা নাই। সকলোসময়তে আমি, আমাৰ দেশে মৃত্যু মিছিল ভালপোৱা লোকক সংগ নিদিয়ে। আমি সদায়ে যুদ্ধৰ বিৰোধীতা কৰি আহিছো কৰি যাম। এই যুদ্ধ বন্ধ হ’ব লাগে। নিৰীহৰ তেজেৰে ফাঁকু খেলা বন্ধ কৰিব লাগে।’ উল্লেখ্য যে বৰ্তমানলৈকে এই যুদ্ধৰ ফলত শিশুসহ প্ৰায় ১১ হাজাৰতকৈয়ো অধিক নিৰীহই প্ৰাণ হেৰুৱাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ