• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু… ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!

আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু… ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!

3 years ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

23 minutes ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

2 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

3 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

4 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

4 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

5 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

5 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

6 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

18 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

19 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

20 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু… ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!

editor by editor
November 17, 2023
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি কেংগাৰু বাহিনী আৰু টীম ব্লু… ২০ বছৰ পুৰণি পৰাজয়ৰ গ্লানি ভাৰতে এইবাৰ মচি পেলাব, এইবাৰ বিশ্বকাপ ভাৰতৰেই হ’ব!
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ বদলা লোৱাৰ পূৰ্ণ সুযোগ। ২০ বছৰ পূৰ্বে অৰ্থাৎ ২০০৩ চনত অষ্ট্ৰেলিয়াক হৰুৱাই বিশ্বকাপ জয় কৰিব নোৱাৰিলে ভাৰতে। কোচ দ্ৰাবিড়ৰ সন্মুখত এইবাৰ সুযোগে অপেক্ষা কৰিছে। দেওবাৰে আহমেদাবাদত ভাৰতে যদি বিশ্বকাপ জয় কৰিব পাৰে তেন্তে দ্ৰাবিড়ৰ ওচৰত এয়াই হ’ব সুমধুৰ প্ৰতিশোধ। ২৯ বছৰ পূৰ্বৰ জোহেনেছবাৰ্গৰ সেই বিশেষ নিশাটোৰ কথা দ্ৰাবিড়ে জানো পাহৰিব পাৰিছে? সৌৰৱ গাংগুলীৰ অধিনায়কত্বত অষ্ট্ৰেলিয়াৰ সৈতে মুখামুখি হওঁতে ৰিকি পণ্টিঙে অকলেই হৰুৱাই পঠিয়াইছিল ভাৰতীয় দলটোক।

টি-২০ ক্ৰিকেটৰ জন্মৰ পূৰ্বে পণ্টিঙৰ সেই ১২১ বলত ১৪০ৰানৰ অপৰাজিত ইনিংছৰ কথা ক্ৰিকেট অনুৰাগীয়ে কেনেকৈ পাহৰিব! সেইদিনা পণ্টিঙে যেতিয়া এটাৰ পাছত আনটো ছিক্স কোবাইছিল তেতিয়া দ্ৰাবিড় উইকেটৰ পাছতেই থিয় হৈ আছিল। ভাৰতীয় দলৰ উইকেটৰক্ষকৰ দায়িত্বত আছিল ৰাহুল দ্ৰাবিড়। এইবাৰৰ বিশ্বকাপত লোকেশ ৰাহুলক উইকেটৰক্ষকৰ দায়িত্ব দিয়া হৈছে। বিশ্বকাপত দ্ৰাবিড়ে খেলুৱৈ হিচাপেও খেলিছে, অধিনায়ক হিচাপেও খেলিছে। এইবাৰৰ বিশ্বকাপত তেওঁ কোচ হিচাপে আছে। বহুকেইটা দায়িত্ব ল’লেও এই পৰ্যন্ত ট্ৰফী হাতত তুলি ল’ব নোৱাৰিলে ৰাহুল দ্ৰাবিড়ে। এইবাৰেই আশাৰ কিৰণ আছে। বহুতেই কৈছে এইবাৰ বিশ্বকাপ জয় কৰিব নোৱাৰিলে ভাৰতে আৰু পাছলৈ কেতিয়া বিশ্বকাপ জয় কৰিব সেই কথা কোনোৱেই ক’ব নোৱাৰে। সেয়ে এইবাৰ সকলোপ্ৰকাৰেই ভাৰতীয় দল সাজু হৈছে। দ্ৰাবিড়ৰ কান্ধতো আছে বিশেষ দায়িত্ব। ২২ গজত নামি বেটিং নকৰিলেও এজন কোচ হিচাপে প্ৰতিজন খেলুৱৈকে তেওঁ পৰিচালনা কৰি আছে। দ্ৰাবিড়ৰ আশা ৰোহিত শৰ্মা, বিৰাট কোহলি, মহম্মদ ছামিৰ হাতত ধৰিয়েই সপোন দেখিছে দ্ৰাবিড়ে।

২০০৩ ৰ বিশ্বকাপত ভাৰতে ৮খন মেচ জিকিছিল। সেইবাৰৰ ফাইনেলত প্ৰথমে বেট ধৰি ৩৫৯ ৰান লৈছিল অষ্ট্ৰেলিয়াই। ভাৰতীয় সমৰ্থকে এতিয়াও পাহৰিব পৰা নাই ৪৮টা বলত ৫৭ ৰান কৰা এডাম গিলখ্ৰীষ্টক। মেথিও হেডেনক সংগী কৰি ১০৫ ৰানৰ যুঁটি গঢ়িছিল মাত্ৰ ১৪ অভাৰত। ২০ বছৰ পূৰ্বেই এই ৰেকৰ্ড গঢ়ি থোৱা অষ্ট্ৰেলিয়াৰ দলৰ সৈতে আকৌ মুখামুখি হ’ব ভাৰত। ২০ বছৰ পূৰ্বে কেংগাৰু বাহিনীৰ সৈতে পণ্টিঙে যি ইনিংছ খেলিছিল সেই খেলো চাবলগীয়া। সেইবাৰ পণ্টিঙৰ বিস্ফোৰক বেটিং প্ৰতিৰোধ কৰিবলৈ ৮জন ভাৰতীয় বলাৰ নমাইয়ো ভাৰতে বিজয় সাব্যস্ত কৰিব নোৱৰিলে।

সেইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিং কৰাৰ সময়ত মাত্ৰ ৪ৰান কৰিয়েই আউট হৈছিল শচীন তেণ্ডুলকাৰ। ভাৰতীয় সমৰ্থকে ক্ৰিকেটৰ ঈশ্বৰেই ৪ৰান কৰি আউট হোৱা দেখি পৰাজয়ৰ পূৰ্বে স্বীকাৰ কৰি লৈছিল পৰাজয়। ৰাহুল দ্ৰাবিড়ে ৫৭বলত ৪৭ ৰান কৰি আউট হয়। সেইবাৰ ১২৫ ৰানত ভাৰত পৰাস্ত হৈছিল কেংগাৰুবাহিনীৰ হাতত।

এইবাৰ ভাৰতীয় দলৰ ১৫জন সদস্যৰ ভিতৰত বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন আশ্বিনে ২০১১ চনত বিশ্বকাপ খেলিছিল। সেইবাৰৰ বিশ্বকাপত ভাৰত জয়ীও হৈছিল। এইবাৰ ২০১১ ৰ পুনৰাবৃত্তিৰ আশা কৰিছে ৰাহুল দ্ৰাবিড়ে। দ্ৰাবিড় ক্ৰিকেট বিশ্বৰ এনে এজন মানুহ যিয়ে প্ৰত্যেকবাৰেই বিজয়ৰ মুখামুখি হৈয়ো বাৰে বাৰে থমকি ৰয়। দ্ৰাবিড়ৰ বিশ্বকাপত অভিষেক ঘটিছিল লৰ্ডছত। সেইবাবেই বিশ্বকাপত অভিষেক ঘটিছিল সৌৰভ গাংগুলীৰো। একেলগে অভিষেক ঘটা গাংগুলিয়ে শতৰাণৰ ৰেকৰ্ডো গঢ়িছিল কিন্তু ৯৫ ৰানত থমকি ৰৈছিল দ্ৰাবিড়। মাত্ৰ ৫ ৰানৰ বাবেই থমকিব শতৰানৰ ৰেকৰ্ড দ্ৰাবিড়ৰ কেৰিয়াৰত নাহিল। অধিনায়কৰ দায়িত্বও তেওঁ লাভ নকৰিলে। তেঁওৰ সৈতে একেলগে ২২ গজত নমা সৌৰভে অধিনায়কৰ দায়িত্ব লাভ কৰে। বিশ্বকাপত নেতৃত্ব দি সৌৰভে যেতিয়া ২০০৭ চনত ফাইনেলত অৱতীৰ্ণ হৈছিল সেইবাৰো ভাৰতে ফাইনেলৰ পৰা শোচনীয়ভাৱেই বিদায় ল’ব লগা হৈছিল। বিফল হ’লেও দ্ৰাবিড় লেখত ল’বলগীয়া খেলুৱৈ। তেওঁ ফিল্ডত নমা মানেই ভাৰতীয় দলৰ সাহস বঢ়া। তেওঁ মেচত নমা মানেই ক্লান্তিহীন বেটিং। এইবাৰ ৰাহুলে কোচৰ দায়িত্ব লাভ কৰি তেওঁৰ সফলতা, বিফলতাৰ কথাবোৰ বিৰাটহঁতৰ সৈতে ভগাই লৈছে।

তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ সকলোবোৰ কথা তৰুণ ক্ৰিকেটাৰসকলৰ সৈতে ভগাই লৈছে। অনূৰ্ধ্ব-১৯দল, জাতীয় ক্ৰিকেট একাডেমীৰ দায়িত্ব সম্ভালি থকা এই সকলোবোৰতেই দ্ৰাবিড়ৰ নিপুন দক্ষতা। তেওঁৰ দক্ষতাৰ প্ৰমাণ ভাৰতীয় ক্ৰিকেট দলে পাইছে। ভাৰতীয় প্ৰতিজন ক্ৰিকেট অনুৰাগীয়েই ১২ বছৰ ধৰি অপেক্ষা কৰি আছে। বিশ্বকাপৰ ট্ৰফী ভাৰতীয় দলৰ হাতত দেখাৰ আশা প্ৰতিজন ক্ৰিকেট অনুৰাগীৰেই। এই অপেক্ষা অনুৰাগীৰ যিমান তাতোকৈ কেইবা শতাংশই বেছি দ্ৰাবিড়ৰ। ২০ৰ পূৰ্বৰ সেই বিফলতাক ঠেলি জয়ৰ আশা কৰিছে দ্ৰাবিড়েও। ১৯ নৱেম্বৰতেই সেই আশা, সেই উৎকণ্ঠাৰ অৱসান ঘটিব। এজন ভাৰতীয় হিচাপে আপোনাৰ মোৰ দৰে ১৪০ কোটি ভাৰতীয়ৰেই আশা, এইবাৰ বিশ্বকাপ আমাৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
Next Post
মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?

মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?

PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.