পুণ্যস্নানত গৈয়ো ৰেহাই নাই৷ মহিলা পুণ্যাৰ্থীসকলৰ স্নানৰ ভিডিঅ’ নিৰ্মাণ কৰি সেয়া বিক্ৰি কৰাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে একাংশ দুষ্কৃতীকাৰীয়ে৷ প্ৰয়াগৰাজৰ মহাকুম্ভত একাংশ অসাধু লোকে আৰম্ভ কৰিছে এই ব্যৱসায়৷ মহিলাসকলৰ গোপনীয়তা লংঘন কৰি গোপন ভিডিঅ’ কৰি সেয়া বিক্ৰি কৰিছে হাজাৰ হাজাৰ ধনৰ বিনিময়ত৷ এক তদন্তত পোহৰলৈ আহিছে কেনেকৈ ভিডিঅ’ কৰা হৈছে, আৰু ক’ত এই ভিডিঅ’ বিক্ৰি কৰা হৈছে এই সমূহৰ সমগ্ৰ তথ্য৷ তদন্তৰ অন্তত তদন্তকাৰী দলে প্ৰকাশ কৰা তথ্য অনুসৰি মহাকুম্ভৰ স্নানৰ পাছত কাপোৰ সলোৱাৰ দৃশ্য ৰেকৰ্ড কৰি অনলাইনত সেই ভিডিঅ’ বিক্ৰি কৰা হৈছে৷ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত এই আপত্তিকৰ কনটেণ্টসমূহ অৰ্থৰ বিনিময়ত বিক্ৰি কৰা হৈছে৷
এই বিষয়ে মহাকুম্ভ মেলাৰ দায়িত্বত থকা ডিআইজি বৈভৱ কৃষ্ণই কৰা এক মন্তব্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ তেওঁ জনাইছে যে যিসকলে এই ধৰণৰ অপৰাধ কৰিছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ ফেছবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত মহিলাই স্নান কৰা আৰু কাপোৰ সলোৱাৰ হাজাৰ হাজাৰ ভি়ডিঅ’ ইতিমধ্যেই ভাইৰেল হৈ আছে৷ কিছু টেলিগ্ৰাম গ্ৰুপৰ লিংকৰ মাধ্যমেৰে এই ভিডিঅ’সমূহ শ্বেয়া কৰা হৈছে৷ আৰক্ষীৰ অনুসন্ধানত ইতিমধ্যে দুটা টেলিগ্ৰাম চেনেলৰ সন্ধান পোৱা গৈছে৷ তাতেই স্নানৰত মহিলাৰ ভিডিঅ’ শ্বেয়াৰ হৈ আছে৷
এই গ্ৰুপসমূহৰ নাম ক্ৰমে “Ganga River Open Bathing Group”, “Hidden Bath Videos Group” আৰু “Open Bath Videos Group”। টেলিগ্ৰাম এনালাইটিক্স প্লেটফৰ্ম টেলিমেট্ৰিয়ৰ তথ্য অনুসৰি ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ মাজত “open bathing” চাৰ্ছ টাৰ্মৰ ব্যৱহাৰ উল্লেখযোগ্যভাৱে বাঢ়িছে৷ এই ভিডিঅ’ আৰু ছবিত মহিলাসকলৰ স্নান বা গামোছাৰে নিজক ঢকা আদি ধৰণৰ ভিডিঅ’ দেখা গৈছে৷ এই গ্ৰুপসমূহত এণ্ট্ৰী ল’বৰ বাবে ১,৯৯৯ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত ফিও লোৱা হৈছে৷ উল্লেখযোগ্য যে এই গ্ৰুপত থকা বহু ভিডিঅ’ পুৰণি৷ প্ৰয়াগৰাজৰ মহাকুম্ভৰেই নহয়, এইসমূহো মহাকুম্ভ ২০২৫ৰ সৈতে যুক্ত কৰি প্ৰচাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ