বলীউডত এসময়ত তেওঁ প্ৰথম তিনি নায়িকাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ কাম কৰিছে শ্বাহৰুখ খান, ছলমান খান, হৃতিক ৰোছন, জন আব্ৰাহামৰ দৰে প্ৰথম শাৰীৰ তাৰকাৰ সৈতে যুঁটিত কাম কৰিছিল তেওঁ৷ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে কাম কৰা তাৰকা পৰিচালকসকলৰ তালিকাও কিন্তু কম নহয়৷ সেই তালিকাত আছে সঞ্জয় লীলা ভাঞ্চালি, ৰাকেশ ৰোছন, আশুতোষ গোৱাৰিকৰৰ দৰে নিৰ্দেশকসকলৰ নাম৷ এইমুহূৰ্তত তেওঁ হলীউড ছবিত কাম কৰি আছে৷ তাতেই ৱেব চিৰিজ, ছবিত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছে তেওঁ৷ প্ৰিয়ংকা এতিয়া আন্তৰ্জাতিক তাৰকা৷ তাত কোনো সন্দেহ কিংবা দ্বিধা নাই৷ তেওঁৰ কৰ্মজীৱনত বলীউডত নানান কুপ্ৰস্তাৱৰ মুখত পৰিছিল প্ৰিয়ংকা৷ সদ্য এক সাক্ষাৎকাৰত এই ঘটনাৰ কথা নিজেই জনাইছে প্ৰিয়ংকাই৷
প্ৰিয়ংকাই কয়- সেই সময়ত তেওঁৰ বয়স খুবেই কম৷ অৰ্থাৎ কিশোৰীকালতেই বলীউডত ভৰি থৈছিল প্ৰিয়ংকাই৷ চিনেমাত কাম দিয়াৰ নামত প্ৰিয়ংকাৰ অন্তৰ্বাস চাব খুজিছিল এগৰাকী পৰিচালকে৷ এবাৰ নহয় চাৰিবাৰকৈ প্ৰিয়ংকাৰ সৈতে এই ঘটনা ঘটিছে৷ প্ৰিয়ংকাই কয়,‘এখন ছবিক লৈ কথা চলিছিল৷ তেতিয়া ছবিত আমাৰ পোছাক কেনে হ’ব সেই কথাক লৈ আলোচনা চলিছিল৷ তেতিয়া মই কৈছিলো, পোছাকশিল্পী যাক লৈছে তেওঁৰ সৈতে কথা পাতি মোক পোছাকৰ বিষয়টো স্পষ্টকৈ জনাই দিয়ক৷ তেতিয়া তেওঁ পোছাকশিল্পীক মোৰ সন্মুখতেই ফোন কৰিলে৷ ডাঙৰ ডাঙৰ কণ্ঠেৰে পোছাকশিল্পীক ক’লে, সেই দৃশ্যত মই নায়িকাৰ পেণ্টি দেখি থকাকৈ পোছাক বিচাৰো৷ অন্তৰ্বাস নেদেখিলে কোনে ছবি চাবলৈ আহিব? সন্মুখৰ চিটত বহি থকা দৰ্শকেই চাব নিবিচাৰিব৷ যেনেকৈ পৰিচালকে মোৰ অন্তৰ্বাসক লৈ কথা কৈছিল মোৰ গা জ্বলি উঠিছিল৷ স্তব্ধ হৈ গৈছিলো৷’ কোন আছিল এই বলীউড পৰিচালক সেই কথা অৱশ্যে প্ৰিয়ংকাই খুলি নক’লে৷
সামান্য ৰৈ প্ৰিয়ংকাই জনাই যে, তেওঁ সেই ছবিত কাম নকৰিলে৷ কাৰণ তেওঁ সেই পৰিচালকৰ মনোভাৱ ভাল লগা নাছিল৷ আনকি তাৰকা হোৱাৰ পাছতো নিজৰ কেৰিয়াৰত সেই পৰিচালকৰ সৈতে কোনো কাম আৰু নকৰিলে৷ প্ৰিয়ংকাই কয়, ‘স্বেচ্ছাই সেই ছবিৰ কাম এৰিছিলো৷ কাৰণ মই এবাৰ যাক বিশ্বাস কৰো কৰোৱেই, যাক নকৰো জীৱনলৈ বিশ্বাস নকৰো৷ সেই পৰিচালকৰ ওপৰত মোৰ বিশ্বাস উঠি গৈছিল৷ বিশ্বাস নকৰা মানুহৰ সৈতে মই কাম নকৰো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ