ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি
কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী পৰ্যায়ত অভিষেক ঘটাবলৈ সাজু হৈছে। ১৩ নৱেম্বৰৰ উপ-নিৰ্বাচনৰ বাবে দলটোৱে প্ৰিয়ংকাক থিয় কৰাইছে।
প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে ২০২৪ চনৰ ১৫ অক্টোবৰত ৱায়ানাদত দলীয় কৰ্মীসকলে তেওঁৰ পোষ্টাৰ লগাবলৈ আৰম্ভ কৰে। পোষ্টাৰবোৰত “ৱায়ানাদিনে প্ৰিয়ংকাৰী” (ৱায়ানাদৰ প্ৰিয়জন) শুভেচ্ছা লিখা থাকে।
লোকসভাৰ সাধাৰণ নিৰ্বাচনত কেৰালাৰ ৱায়নাদ আৰু উত্তৰ প্ৰদেশৰ বৰেলীত প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনতে জয় লাভ কৰা ভাতৃ ৰাহুল গান্ধীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে ৷
পাছত নিয়ম অনুসাৰে কেৱল এখন আসনৰ পৰাহে সাংসদ হিচাপে থাকিব পাৰে এজন লোক, যাৰ বাবে ৱায়নাদ সমষ্টি এৰি বৰেলীৰ পৰা সাংসদ হৈছিল ৰাহুল গান্ধী। সেয়ে খালী হৈ পৰে বায়নাদ সমষ্টি। ৰাহুল গান্ধীয়ে বাৰেলীক ধৰি ৰখাৰ সিদ্ধান্ত লয়, যাৰ বাবে ৱায়ানাডত উপ-নিৰ্বাচনৰ প্ৰয়োজন আহি পৰে।
মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। নিৰ্বাচনৰ তাৰিখ সদৰিৰ পাছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেৰালাৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।
২০২৬ চনৰ কেৰালা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ বাবে প্ৰিয়ংকা গান্ধীৰ ৱায়ানাড বাইপ’লত প্ৰৱেশ হয়তো গেমচেঞ্জাৰ হ’ব পাৰে। কিছুদিনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী প্ৰিয়ংকা গান্ধীৰ এয়া হ’ব নিৰ্বাচনী অভিষেক।
আনহাতে কংগ্ৰেছে আগন্তুক উপ-নিৰ্বাচনৰ বাবে পলাক্কাডৰ পৰা ৰাহুল মামকূটাথিল আৰু চেলাক্কাৰ বিধানসভা সমষ্টিৰ পৰা ৰম্য হৰিদাসক প্ৰক্ষেপ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















