ডিজিটেল ডেস্কঃ- প্ৰিয়ংকা গান্ধী। ভাৰতীয় ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ নাম প্ৰিয়ংকা গান্ধী। গান্ধী পৰিয়ালত জন্ম হোৱা সূত্ৰেই প্ৰিয়ংকাৰ তেজে তেজে ৰাজনীতি প্ৰৱাহিত হৈ আছে বুলি গণ্য কৰা হয়। সৰুৰে পৰাই অতিকৈ মেধাৱী প্ৰিয়ংকাই বিদেশত শিক্ষাগ্ৰহণ কৰি ভাৰতীয় ৰাজনীতিত খোজ পেলাইছিল। দিন যিমানেই বাগৰিছে, সিমানেই ৰাজনীতিত পৰিপক্কতা প্ৰদৰ্শন কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ চাল-চলন দেখি বহুতেই ইন্দিৰা গান্ধীৰ দ্বিতীয় সংস্কৰণ বুলিও কব খোজে।
ভাৰতীয় ৰাজনীতিত সবল খোজ পেলোৱা প্ৰিয়ংকা গান্ধীৰ আজি ওপজা দিন। ৫২বছৰ বয়সত খোজ থোৱা প্ৰিয়ংকা গান্ধী আজি ভাৰতীয় ৰাজনীতিৰ এটা উল্লেখযোগ্য নাম। ১৯৭২ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰিয়ংকা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী।
তেওঁ মডাৰ্ণ স্কুল আৰু কনভেণ্ট অফ জিছাছ এণ্ড মেৰীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জিছাছ এণ্ড মেৰী কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ২০১০ চনত বৌদ্ধ অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তেওঁৰ পৰিয়ালৰ ৰাজনৈতিক ইতিহাসৰ সত্বেও প্ৰিয়ংকা গান্ধীয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰা নাছিল। তেওঁ তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুল গান্ধীৰ সংসদীয় সমষ্টি ৰাইবেৰেলি আৰু আমেথিত সঘনে ভ্ৰমণ কৰি ৰাইজৰ লগত প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল।তেওঁ এই দুই সমষ্টিৰ ৰাইজৰ মাজত ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ ৰাজহুৱা অনুষ্ঠানত বিশাল জনসমাগম হয়।
২০০৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ মাতৃৰ নিৰ্বাচন অভিযানৰ ব্যৱস্থাপক আছিল আৰু ভাতৃ ৰাহুল গান্ধীৰ নিৰ্বাচন অভিযান নিৰীক্ষণ কৰি সহায় আগবঢ়াইছিল।২০০৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাতৃয়ে গোটেই ৰাজ্যজুৰি নিৰ্বাচন অভিযান চলাই থকা সময়ত তেওঁ আমেথি আৰু ৰাইবেৰেলি অঞ্চলৰ অন্তৰ্গত দহখন আসনৰ নিৰীক্ষণ কৰিছিল। ২০১৯ চনৰ ২৩ জানুৱাৰী তাৰিখে তেওঁ আনুষ্ঠানিক ভাৱে ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁক কংগ্ৰেছৰ মহাসচিব হিচাপে পূব উত্তৰ প্ৰদেশৰ দায়িত্বভাৰ প্ৰদান কৰা হয়।
১৩বছৰ বয়সতে বৰ্তমানৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাৰ সৈতে চিনাকি হৈছিল প্ৰিয়ংকা। প্ৰথমে বন্ধুত্ব আৰু পিছত এই বন্ধুত্বই প্ৰেমৰ ৰূপ পাইছিল। ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে ১০ জনপথ মাৰ্গত অৱস্থিত গান্ধীভৱনত পাৰম্পৰিক হিন্দু ৰীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে ক্ৰমে পুত্ৰ ৰিহান আৰু পুত্ৰী মীৰায়া। তেওঁ বৌদ্ধ দৰ্শন মানি চলে আৰু এছ এন গোয়েংকাৰ দ্বাৰা শিকা বিপাসনা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ