শনি আৰু মঙল হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ শনি-মঙল যোগ জ্যোতিষ অনুসৰি অত্যন্ত ক্ষতিকৰ৷ শনি আৰু মঙল উভয়েই অত্যন্ত নিৰ্মম আৰু খঙাল গ্ৰহ৷ সেয়ে শনি আৰু মঙল মিলি ষড়ষ্টক যোগ গঠন কৰিলে অশুভ প্ৰভাৱ কঢ়িয়াই আনিব কিছু ৰাশিৰ বাবে৷ বৰ্তমান মঙল আছে কৰ্কট ৰাশিত আৰু শনি আছে মীন ৰাশিত৷ ২০ জুনৰ পৰা এই দুই গ্ৰহ পৰস্পৰৰ পৰা ১৫০ ডিগ্ৰীত অৱস্থান কৰিব৷ ইয়াৰ ফলত গঠিত হব ষড়ষ্টক যোগ৷ জানি থওক জ্যোতিষ অনুসৰি এই যোগৰ ফলত বৃহৎ ক্ষতি হব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশিত ষড়ষ্টক যোগৰ প্ৰভাৱ
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙল৷ শনি আৰু মঙলৰ ষড়ষ্টক যোগত নানান সমস্যাৰে জৰ্জৰিত হব এই ৰাশিৰ জাতক৷ আপোনাৰ খং বাঢ়িব, মানসিক শান্তি বিঘ্নিত হব৷ পৰিয়ালতো অশান্তিয়ে দেখা দিব৷ সহকৰ্মীৰ সৈতে মতৰ অমিল হব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত হঠাৎ ক্ষতিৰ মুখত পৰিব পাৰে৷ অফিচত বছৰ সৈতে কথাৰ কটাকটি হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















