অসম লাইভ২৪ঃ চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান। শনিবাৰে পুৱা ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে। কিছুদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পীগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।
চিত্ৰশিল্পী নীল পৱন বৰুৱা, অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ শোকত সমগ্ৰ ৰাজ্য বুৰ গৈ থকাৰ সময়তেই আন এক দুখবৰ। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী। অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি বিদায় মাগিলে পুলক গগৈয়ে। উল্লেখ্য যে, ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা পুলক গগৈয়ে পৰৱৰ্তী সময়ত চিত্ৰশিল্পৰ শিক্ষা লাভ কৰিছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছৰ পৰা। কেৱল কেনভাছতেই নহয় বৰং বোলছবি জগততো পৰিচালনাৰ যোগেদি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে।
জনপ্ৰিয় অসমীয়া বোলছবি খোজ, সেন্দুৰ, ৰে’লৰ আলি, দূবৰি বন, মৰম নদীৰ গাভৰু ঘাট আদিৰ পৰিচালনাৰে ৰজত কমল বঁটাও লাভ কৰিছিল পুলক গগৈয়ে। পুলক গগৈ পৰিচালিত প্ৰত্যেক খন বোলছবিয়েই যেন এক অনন্য মাত্ৰা প্ৰদান কৰিছিল অসমীয়া চলচিত্ৰ জগতক। এই সকলোৰে ওপৰিও গগৈৰ আছিল আন এক পৰিচয়। আসাম ট্ৰিবিউনত কাৰ্টুনিষ্ট হিচাপেও কিছু কাল অতিবাহিত কৰা পুলক গগৈ আছিল অসমৰ প্ৰথম গৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ