এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ
অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পঞ্জাব কিংছে কোৱালিফায়াৰ-২ত ৫ বাৰৰ বিজয়ী মুম্বাই দলক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত প্ৰৱেশ কৰে। পঞ্জাৱে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈছিল।
আই পি এলৰ ইতিহাসৰ মুঠ ১৮টা ছিজনত পঞ্জাৱ দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰাটো এয়া দ্বিতীয়বাৰ। এতিয়া খিতাপৰ মেচত কাইলৈ ৩ জুন মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰজত পাটিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ বিৰুদ্ধে খেলপথাৰত নামিব।
পাছে এইবাৰ ২০২৫ ৰ ১৮ সংখ্যক চিজনটো বিশেষ। এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন। কিয়নো পঞ্জাব কিংছ আৰু আৰ চি বি দুয়োটা দলে প্ৰথমটো আই পি এল খিতাপৰ বাবে অপেক্ষা কৰি আছে।
বাংগালুৰু দশমবাৰৰ বাবে আই পি এল প্লে অফত প্ৰৱেশ কৰিছিল লগতে তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল, কিন্তু আজিলেকৈ খিতাপ অৰ্জন কৰাৰ পৰা বিফল হৈ আহিছিল। এইবাৰ চতুৰ্থবাৰৰ বাবে আৰচিবিৰ দলে আইপিএলৰ ফাইনেল খেলিব।
ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২০১৬ চনত ক্ৰমে ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিৰাট কোহলি আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত হৈ আছে, যাৰ বাবে অধীৰ অপেক্ষাত আছে প্ৰথম আই পি এল ট্ৰফীৰ বাবে। লগতে বহুতেই কৈছে এইবাৰ বিৰাটৰ শেষ আই পি এল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ