অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ শীৰ্ষত কোন, অৰেঞ্জ কেপৰ দৌৰৰ পৰা বাহিৰ সূৰ্যকুমাৰ
অধিক ৰোমাঞ্চিত হৈ পৰিছে এইবাৰ ১৮ সংখ্যক আই পি এল চিজন। দ্বিতীয়খন কোৱালিফায়িং মেচত মুম্বাইক পৰাস্ত কৰি পাঞ্জাৱ দল ফাইনেলত উপস্থিত হয়। যাৰ ফলত এতিয়া কাইলৈ ৩ জুন তাৰিখ মঙলবাৰে অনুষ্ঠিত হ’ব লগা ফাইনেলত মুখামুখি হ’ব বিৰাট-ৰজতৰ বাংগালুৰু আৰু শ্ৰেয়াছৰ পাঞ্জাৱ।
পাছে এইবাৰ কাৰ দখলত আই পি এল ২০২৫ ৰ এৰেঞ্জ কেপ আৰু পাৰ্পল কেপ। দুয়োটা ক্ষেত্ৰতে বৰ্তমানলৈ শীৰ্ষত গুজৰাট টাইটানছৰ খেলুৱৈ।
ৰানৰ শীৰ্ষত তথা অৰেঞ্জ কেপৰ প্ৰতিযোগিতাত দৌৰত আছিল গুজৰাট টাইটানছৰ সাই সুদৰ্শন আৰু মুম্বাই দলৰ সূৰ্যকুমাৰ যাদৱ। কিন্তু মুম্বাই দল কালি পাঞ্জাৱৰ হাতত পৰাস্ত হোৱাৰ সূৰ্যকুমাৰৰ খেলৰ অন্ত পৰে।
যাৰ ফলত সাই সুদৰ্শনেই শীৰ্ষ স্থানত আছে। সূৰ্যকুমাৰে অৰেঞ্জ কেপৰ সিংহাসনৰ পৰা আঁতৰাব নোৱাৰে সাই সুদৰ্শনক। যদিওবা গুজৰাট দল বৰ্তমানে প্ৰতিযোগিতাত নাই তথাপি এই অৰেঞ্জ কেপৰ দৌৰত নাই ফাইনেলত উপনীত হোৱা বাংগালুৰু কিম্বা পাঞ্জাৱ দলৰ খেলুৱৈ।
অৰেঞ্জ কেপ তালিকা-
সাই সুৰ্দশন- ৭৫৯ ৰান (গুজৰাট)
সূৰ্যকুমাৰ যাদৱ- ৭১৭ ৰান (মুম্বাই)
শুভমন গিল- ৬৫০ ৰান (গুজৰাট)
মিচেল মাৰ্চ- ৬২৭ ৰান (লক্ষ্নৌ)
বিৰাট কোহলী- ৬১৮ ৰান (বাংগালুৰু)
শ্ৰেয়াছ আয়াৰ- ৬০৩ ৰান (পাঞ্জাৱ)
পাৰ্পল কেপ তথা বলিঙৰ শীৰ্ষত বৰ্তমানে গুজৰাট টাইটানছ দলৰেই প্ৰসিদ্ধ কৃষ্ণা। প্ৰসিদ্ধই ১৫ খন মেচত ২৫ টা উইকেট লাভ কৰিছে। ইয়াৰ পাছতে আছে চেন্নাই দলৰ নুৰ আহমেদ, যিয়ে ২৪ টা উইকেট দখল কৰিছে। যদিওবা বৰ্তমানে গুজৰাট আৰু চেন্নাই দুয়োটা দলেই বাহিৰ তথাপি প্ৰসিদ্ধ কৃষ্ণাৰ সিংহাসন কাঢ়ি লোৱা আশংকা কিছু আছে। কাৰণ এই তালিকাত চতুৰ্থত আছে বাংগালুৰু দলৰ জোছ হেজলউড। হেজলউডে এতিয়ালৈকে ১১ খন মেচত ২১ টা উইকেট দখল কৰিছে। যদি কাইলৈ ফাইনেলত হেজলউডে ৪টাতকৈ অধিক উইকেল লব পাৰে তেন্তে পাৰ্পলকেপ আহি হেজলউডৰ নামত।
পাৰ্পল কেপৰ তালিকাত-
প্ৰসিদ্ধ কৃষ্ণা- ২৫ উইকেট (গুজৰাট)
নুৰ আহমেদ- ২৪ উইকেট (চেন্নাই)
ট্ৰেণ্ট বোল্ট – ২২ উইকেট ( মুম্বাই)
জোছ হেজলউড- ২১ উইকেট (বাংগালুৰু)
সাই কিশোৰ – ১৯ উইকেট (গুজৰাট)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ