ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ আগতে তেওঁৰ পৰিয়ালক চাইবেৰিয়াৰ ‘ভূগৰ্ভস্থ চহৰ’ৰ এটা ‘বিলাসী’ গোপন বাংকাৰলৈ স্থানান্তৰিত কৰিছে। এই দাবী কৰিছে ৰাছিয়াৰে এগৰাকী অধ্যাপকে৷
ৰাছিয়াৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ভেলেৰী চোল’ভে দাবী কৰিছে যে ৰাষ্ট্ৰপতিৰ পৰিয়ালক আলতাই পৰ্বতমালাৰ ওচৰৰ কোনো বাংকাৰত ৰখা হৈছে।
লগতে পঢ়ক দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে
অধ্যাপক ভেলেৰীৰ মতে যে পুটিনৰ পৰিয়ালক ৰখা বিলাসী বাংকাৰটো হৈছে পাৰমাণৱিক আক্ৰমণৰ পৰা সুৰক্ষিত এক বাংকাৰ। অৰ্থাৎ, পাৰমাণৱিক আক্ৰমণেও তেওঁৰ পৰিয়ালে থকা বাংকাৰটোৰ কোনো ক্ষতি কৰিব নোৱাৰে।
এই দাবী কৰা অধ্যাপক ভেলেৰীয়ে হঠাতে ৰাছিয়াৰ পুটিনৰ বিৰুদ্ধে মতা নাই৷ ইয়াৰ পূৰ্বেও তেওঁ পুটিনৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ বিষয়ে মন্তব্য কৰিছিল।
তেওঁ দাবী কৰিছিল যে ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ লোকসকলক লুকুৱাই গোপনে নিজৰ চিকিৎসা চলাই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই সামাজিক মাধ্যমত জৰিয়তে এটা ভিডিঅ’ বাৰ্তাত দাবী কৰিছিল যে তেওঁ শোইগুৰ সৈতে বিভিন্ন গোপন ৰীতি-নীতিত অংশগ্ৰহণ কৰিছিল।
লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস
ভেলেৰী চাল’ভ মস্কোৰ ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল ৰিলেচনছ (এমজিআইএমঅ’)ৰ প্ৰাক্তন অধ্যাপক। যিখন প্ৰতিষ্ঠানত ৰাছিয়াৰ চৰকাৰী চোৰাংচোৱা আৰু শীৰ্ষ কূটনীতিবিদসকলে প্ৰশিক্ষণ দিবলৈ আহে।
পুটিনৰ স্বাস্থ্য সমস্যাৰ ওপৰত মন্তব্য কৰি ভেলেৰী চাল’ভে এতিয়া তদন্তৰ অধীনত আছে। অধ্যাপকজনৰ বাসগৃহতো কেইমাহমানৰ পূৰ্বে তালাচী চলোৱা হৈছিল। কিয়েভত ৰাছিয়াৰ আক্ৰমণৰ পিছত ভেলেৰী চাল’ভে সামাজিক মাধ্যমৰ এটা ভিডিঅ’ত এই দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ