আজি তৃতীয় দিনাও ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ বৰং তৃতীয় দিনা ৰাছিয়াই ৰাজধানী কীয়েভ দখলৰ বাবে আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে৷
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে সামৰিক পোছাক আৰু বুলেটপ্ৰুফ জাকেট পৰিধান কৰি ইউক্ৰেইনৰ সেনাৰ সন্মুখনৰ পৰা নেতৃত্ব দি দেশ ৰক্ষাৰ বাবে আগবাঢ়িছে৷ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ঘোষণা কৰিছে যে অন্তিম উশাহ থকালৈকে তেওঁৰ দেশে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব৷
ইয়াৰ মাজতে ইউক্ৰেইনৰ মহিলা সাংসদ কিৰা ৰ’ডিকে নিজৰ টুইটাৰ হেণ্ডেলত হাতত যুদ্ধাস্ত্ৰ লৈ এখন ফ’টোসহ টুইট কৰিছে৷
সুন্দৰী মহিলা সাংসদ গৰাকীয়ে টুইটত লিখিছে যে ইউক্ৰেইনৰ প্ৰতিগৰাকী পুৰুষ আৰু মহিলাই দমনকাৰীৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ সাজু আছে৷ সাংসদগৰাকীৰ এই টুইটৰ পিছতে হাতত মাৰণাস্ত্ৰ লৈ থকা তেওঁৰ ফ’টোখন বিশ্বজুৰি ভাইৰেল হৈছে৷
ইফালে ৰাছিয়ান সেনাই ৰাজধানী কীয়েভ দখলৰ দিশে আগবাঢ়িলেও ইউক্ৰেইনে আত্মসমৰ্পণ কৰা নাই৷ ইউক্ৰেইনে আমেৰিকাৰ লগতে ইউৰোপৰ দেশসমূহৰ পৰা সামৰিক সাহায্য বিচাৰিছে৷ আমেৰিকাসহ ইউৰোপৰ দেশসমূহে ইউক্ৰেইনক অস্ত্ৰ শস্ত্ৰ দি সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে৷
ইয়াৰ মাজতে ইউক্ৰেইনৰ যুৱ সমাজ ৰাছিয়ান সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উলাই আহিছে৷ মহিলা সুন্দৰী যুৱ সাংসদ কিৰা ৰ’ডিকে হাতত যুদ্ধাস্ত্ৰ লৈ দেশৰ যুৱ সমাজক দেশ ৰক্ষাৰ যুঁজৰ বাবে উৎসাহিত কৰা বুলিও চৰ্চা লাভ কৰিছে৷
ইফালে সাংসদ ৰ’ডিকে এক টিভি চেনেলৰ সাক্ষাৎকাৰত কয় ‘‘আমি যুদ্ধৰ সূচনা কৰাসকলৰ মাজত নাই৷ আমি এখন শান্তিপূৰ্ণ দেশ৷ আমি কাৰোবাৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা নাই৷ আমি আমাৰ স্বতন্ত্ৰতা, আমাৰ জনতা আৰু আমাৰ দেশক ৰক্ষাৰ কৰাৰ বাবে হাতত অস্ত্ৰ তুলি লৈছো৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ