গজৱ দেশৰ যেন আজৱ গাঁও! হয় ভাৰতৰে এখন গাঁৱৰ কথা ক’বলৈ আগবাঢ়িছো৷ যিখন গাঁও হৈছে দেশৰ ভিতৰতে আটাইতকৈ অনাখৰী গাঁও৷ এই গাঁওখনৰ আছে অতি বিশেষ বিশেষত্ব৷
পিছে এই গাঁওখন দেশৰ কোনো পিছৰ পৰা ৰাজ্যৰ নহয়৷ গাঁওখন আছে দেশৰ এখন আগশাৰী তথা উন্নত ৰাজ্য মহাৰাষ্ট্ৰত৷
মহাৰাষ্ট্ৰৰ শোলাপুৰ জিলাৰ ক্ষেত্ৰপাল নামৰ এই গাঁওখনৰ প্ৰতিঘৰ গঞাই সাপ পোহে৷ প্ৰতিটো শিশুৱে সাপৰ সৈতে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈ আহিছে৷ আশ্বৰ্যজনক কথাটো হ’ল এতিয়ালৈকে গাঁৱৰ কোনো লোককে সাপে দংশন কৰা নাই৷
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি গাঁওখনত অতি প্ৰাচীন কালৰে পৰা সাপক পূজা অৰ্চনা কৰি অহা হৈছে৷ সেয়ে গাঁওখনৰ প্ৰতি ঘৰতে সাপ পালন কৰি অহা হৈছে৷ আৰু গঞাই সাপক দেৱতা জ্ঞান কৰে৷
পালন কৰা সাপবোৰৰ ভিতৰত ভাৰতৰ অতি বিষাক্ত সাপ কোব্ৰাও আছে৷ বাতৰি অনুসৰি গাঁওখনৰ প্ৰতিঘৰতে কোব্ৰা সাপ লালন পালন কৰা হয়৷ পোহনীয়া পশুৰ দৰে গাঁওখনত সাপে বিচৰণ কৰি ফুৰে৷
গাঁওখনত অতি কমেও ২৬০০ গঞাই বাস কৰে৷ অতীতৰে পৰা আজি পৰ্যন্ত কোনো লোককে সাপে দংশন কৰা নাই বুলি জানিব পৰা গৈছে৷
গঞাই নিজৰ বাসগৃহত সাপ ৰাখিবলৈ বিশেষ নিৱেশ সাজি দিয়ে৷ আৰু উক্ত স্থানক দেৱতাৰ স্থানৰূপে গঞাই জ্ঞান কৰি পূজা পাতল কৰে৷ আৰু গঞাই বিশেষ বিধি বিধানেৰে সৰ্প পূজা কৰি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ