ইউক্ৰেইনৰ ওপৰত অবিৰত আক্ৰমণ অব্যাহত ৰাখিছে যুদ্ধপিপাসু ৰাছিয়াই৷ ৰাজধানী কীভ প্ৰায় দখলৰ দিশে আগবাঢ়িছে ৰুছ সেনাই৷
এই অসম যুদ্ধত বৰ সহজে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীভ দখল কৰাৰ আশা কৰিছিল৷ কিন্তু তাক তীব্ৰ প্ৰতিৰোধ আগবঢ়াই ইউক্ৰেইনৰ সেনাই প্ৰত্যাহ্বান জনাইছে৷
ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত ৰাছিয়াৰ আক্ৰমণ থমকি নৰ’লেও বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ ইয়াৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ইউক্ৰেইনৰ সেনাই এতিয়ালৈকে ৪,৫০০ৰো অধিক ৰুছ সেনাক হত্যা কৰিছে৷
ইউক্ৰেইনে কৰা দাবীৰ মতে চাৰে চাৰি হাজাৰ ৰুছ সেনাক হত্যা কৰাৰ লগতে ১৫০খন টেংক, ২৭ খন এয়াক্ৰাফ্ট, ২৬ খন হেলিকপ্টাৰ, বহু গোলা-বাৰুদ ভূপতিত আৰু ধ্বংস কৰিছে৷ অৱশ্যে এই সম্পৰ্কে মস্কোৱে কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা নাই৷
ইফালে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰী ভিক্টৰ লিয়াশ্বকে প্ৰকাশ কৰিছে যে ৰুছ সেনাৰ আক্ৰমণত ৩৫০ৰো অধিক সাধাৰণ লোক নিহত আৰু ১ হাজাৰৰো অধিক আহত হৈছে৷ আহতসকলৰ ভিতৰত ৩৩ গৰাকী শিশুও আছে৷
আনহাতে, ৰাছিয়ান সেনাই আন্তঃৰাষ্ট্ৰীয় যুদ্ধ নীতি উলংঘা কৰা বুলিও ইউক্ৰেইনৰ সেনাই গুৰুতৰ অভিযোগ কৰিছে৷ ৰুছ সেনাই আন্তঃৰাষ্ট্ৰীয় যুদ্ধ নীতি উলংঘন কৰি মহিলা আৰু শিশুৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ