ধঁপাত শৰীৰৰ বাবে ক্ষতিকৰ৷ এই বাৰ্তা ধঁপাত বিক্ৰেতাইয়ো দিয়ে৷ কিন্তু ধঁপাত আমাৰ দেশত ভাৱিব নোৱৰা হাৰত বিক্ৰিও হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিবছৰে প্ৰায় ৮০ লাখ মানুহে ধঁপাতজনিত ৰোগতেই প্ৰাণ হেৰুৱাই৷ ইয়াৰ মাজত ১৩ লাখতকৈ বেছি মানুহে নিজে নাখায়, পৰোক্ষভাৱে ধূমপানৰ চিকাৰ হৈ ৰোগত আক্ৰান্ত হয়৷ ধঁপাতৰ ব্যৱহাৰে কেৱল ব্যক্তিস্বাস্থ্যৰেই হানি নকৰে সমাজ আৰু অৰ্থনীতিৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলায়৷
১. হাওঁফাওঁ হৈ পৰে জুইয়ে পোৰা স্পঞ্জ
ধূমপান হাওঁফাওঁৰ বাবে ঘাতক৷ আমেৰিকাৰ আণ্ডাৰছন কেঞ্চাৰ গৱেষণা কেন্দ্ৰৰ তথ্যই কৈছে হাওঁফাওঁৰ কৰ্কটৰ ৯০ শতাংশই ধঁপাতৰ পৰা হয়৷ কেৱল কৰ্কটেই নহয় দীৰ্ঘস্থায়ী ব্ৰঙ্কাইটিছ, এজমা, ছিউপিডিৰ দৰে অসুখতো আক্ৰান্ত হয় ধঁপাতসেৱীসকল৷
২. হৃদৰোগৰ আশংকা
ধঁপাতে হৃদস্পন্দন বঢ়ায়৷ ৰক্তচাপ বাঢ়িলে হাৰ্ট এটেকৰো সম্ভাৱনা বাঢ়ে৷ বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ধঁপাত সেৱনকাৰীসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি৷
৩. প্ৰজননত বাধা
ধঁপাতে প্ৰজনন ক্ষমতাতো কুপ্ৰভাৱ পেলায়৷ পুৰুষসকলৰ ক্ষেত্ৰত শুক্ৰাণুৰ গুণগত মান কমি যায়৷ মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণত সমস্যা হয়৷ গৰ্ভৱতী মাতৃয়ে ধূমপান কৰিলে গৰ্ভস্থ শিশুৰ ওপৰত মাৰাত্মক প্ৰভাৱ, অকালপ্ৰসৱ, কম ওজন আনকি শিশুৰ মৃত্যু পৰ্যন্ত হব পাৰে৷
৪. কেৱল শৰীৰেই নহয়, মানসিকতাতো প্ৰভাৱ পৰে
ধঁপাতত থকা নিকটিনে ক্ষণিকৰ উত্তেজনা দিলেও দীৰ্ঘম্যাদী উদ্বেগ, অৱসাদ আৰু স্মৃতিভ্ৰংশৰ আশংকা বঢ়ায়৷ মস্তিষ্কৰ স্নায়ুত ধীৰে ধীৰে প্ৰভাৱ পেলায়৷ মানসিক স্বাস্থ্য বিশেষজ্ঞই কৈছে যে নিকোটিন আসক্তিয়ে ডিপ্ৰেছনৰ পথ প্ৰশস্ত কৰে৷
৫. কেৱল আপুনি নহয়, চৌপাশৰ মানুহলৈকো বিপদ আনে
পেছিভ স্মোকাৰ শব্দটো নিশ্চয় শুনিছে৷ পৰোক্ষ ধূমপান যত আপুনি সেৱন নকৰিলেও অন্যই সেৱন কৰি এৰা ধোঁৱাই আপোনাক অসুস্থ কৰিব পাৰে৷ ঘৰত শিশু বা বৃদ্ধ থাকিলে তেওঁলোকৰ শ্বাসযন্ত্ৰত সকলোতকৈ বেছি প্ৰভাৱ পেলায় বিষাক্ত ধোঁৱাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ