জ্যোতিষশাস্ত্ৰৰ বিচাৰত জুলাই মাহত কেইবাটাও বৃহৎ পৰিবৰ্তন আহিব৷ ১৩ জুলাইত বক্ৰীচলন আৰম্ভ হব শনিৰ৷ ইয়াৰ ঠিক তিনিদিন পাছত ১৬ জুলাইত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব সূৰ্যই৷ আকৌ ১৮ জুলাইত কৰ্কট ৰাশিত বক্ৰী হব বুধ৷ আগন্তুক ২৬ জুলাইত ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই আৰু ২৮ জুলাইত কন্যা ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ এই পাঁচ গ্ৰহৰ গোচৰৰ ফলত আগন্তুক মাহত দুটাকৈ ৰাজযোগৰ প্ৰভাৱ থাকিব৷ সূৰ্য আৰু বুধৰ মিলনত গঠিত হব বুধাদিত্য ৰাজযোগ আৰু বৃষ ৰাশিত গোচৰ কৰি মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত লাভৱান হব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
জুলাই মাহত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বৃষ ৰাশিতেই অৱস্থান কৰিব অধিপতি গ্ৰহ শুক্ৰই৷ ইয়াৰ ফলত বৃষ ৰাশিতেই মালব্য ৰাজযোগ গঠিত হব৷ এই সময়ত নানান দিশৰ পৰা আৰ্থিক লাভ হব এই ৰাশিৰ জাতকৰ৷ বিলাসবহুল জীৱন কটাবলৈ বহু ধন খৰচ কৰিব আপুনি৷ আয় বঢ়াত খৰচ বাঢ়িলেও সঞ্চয় বাঢ়িব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিত আগন্তুক মাহত মিলিত হব সূৰ্য আৰু বৃহস্পতি৷ ইয়াৰ ফলত গঠিত হব গুৰু আদিত্য ৰাজযোগ৷ ইয়াৰ প্ৰভাৱত আপুনি নিজৰ পৰিকল্পনা অনুসৰি সকলো কামেই কৰিব পাৰে৷ যি কামতেই হাত দিহ তাতেই সাফল্য পাব৷ বিগত কেইবামাহ ধৰি যিসমূহ আৰ্থিক প্ৰকল্প ৰৈ আছে সেইসমূহ কাৰ্যকৰী হব৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ