সৰু সৰু কথা যিকথা কিছু সময়ৰ পূৰ্বেই আপোনাৰ মনত আছিল আৰু হঠাৎ আপুনি একেবাৰেই পাহৰি গ’ল৷ হয়তো বিশেষ কামত ঘৰৰ পৰা ওলাইছিল কিন্তু ওলোৱাৰ পিছত কিয় ওলাই আহিছিল সেই কথা আপুনি পাহৰি গৈছে৷ বয়স ৬০ পাৰ কৰাৰ পিছত এই সমস্যা হলে আমি ধৰি লওঁ যে ব্যক্তিজন ডিমেনছিয়াত আক্ৰান্ত৷ কিন্তু বয়স যদি ৩০ বছৰতকৈয়ো তলত আৰু এই সমস্যাত ভূগিছে তেন্তে এয়া কিহৰ লক্ষণ?
৩০ বছৰ বয়সৰ পূৰ্বেও আপোনাৰ শৰীৰত ডিমেনছিয়া ৰোগে বাঁহ বান্ধিব পাৰে৷ ডিমেনছিয়াৰ নানান ভাগ আছে৷ তাৰমাজত সৰ্বাধিক পৰিচিত আৰু দুৰাৰোগ্য ডিমেনছিয়া হৈছে আলঝাইমাৰ্ছ৷ ইয়াৰমাজতো আছে প্ৰায় ২০০ টা ভাগ৷ যাৰ মাজত বহু সংখ্যক বংশগত৷ কোনোবাটো আকৌ জীৱনযাত্ৰাৰ কাৰণেও হব পাৰে৷ কম বয়সত অধিকাংশ লোকৰেই এই ৰোগ ধৰা নপৰে৷ কাৰণ ৩০ বছৰৰ পূৰ্বে ডিমেনছিয়া হব পাৰে বুলি বহুতেই ধাৰণাও নকৰে৷ ফলত উপসৰ্গসমূহ এৰাই চলে বহুতেই৷ যাৰ ফলত পৰবৰ্তীসময়ত বৃহৎ ক্ষতি হয়৷
ডিমেনছিয়াৰ উপসৰ্গসমূহ কি কি?
১. ভাষাৰ সমস্যা
ধৰক কোনোৱে কিবা কথা আপোনাক কৈছে৷ কিন্তু কোনো এটা শব্দও আপোনাপ মনত নাই বা আপুনি পাহৰি পেলাইছে৷ বা ধৰক এটা বাক্য কৈছে যি বাক্য আকৌ অসমাপ্তই কৰি থৈছে৷ ক্ৰমাগতভাৱে এই সমস্যা হলে বুজিব যে আপোনাৰ এয়া এক ৰোগেই৷
২. ব্যৱহাৰ বা মুড ছুইং
মাজে মাজে আপুনি মেজাজ হেৰুৱাই পেলাই৷ ঘনে ঘনে মুড চেঞ্জ বা মুড ছুইং ডিমেনছিয়াৰ লক্ষণ৷
৩. পৰিকল্পনাত সমস্যা
ধৰক কৰোবালৈ যোৱাৰ প্লেন আছে কিন্তু সেই প্লেনৰ কথা পাহৰিও পেলাইছে৷ বা কোনো কাম কৰাৰ কথা আছিল কিন্তু আপুনি সময় মেনেজ কৰিব নোৱাৰিলে৷ বাৰে বাৰে এই সমস্যা হলে বিষয়টো চিন্তনীয়৷
৪. স্থান কাল পাত্ৰ পাহৰি পেলোৱা
হয়তো আপুনি ফেমিলি গেট টুগেদাৰত আছে৷ তাৰমাজতেই আপুনি ভাবুক হৈ আছে বা আপুনি অন্য এখন পৃথিৱীত মানসিকভাৱে বিচৰণ কৰি আছে বা আপুনি অন্য কথা কৈ আছে যি কথা আপোনাৰ অনুষ্ঠানৰ সৈতে কোনো লিংক নাই৷
৫. স্মৃতিভ্ৰংশ
ডেইলী লাইফৰ সৰু সৰু গুৰুত্বপূৰ্ণ কথাসমূহ পাহৰি পেলাইছে৷ সংগীৰ জন্মদিন, এনিভাৰ্চাৰী, এই সকলোবোৰ কথা আপুনি যদি মনত ৰাখিব নোৱাৰে বা বাৰে বাৰে কোৱাৰ পাছতো আপোনাৰ মনত নৰয় এইসমূহ তাৰিখ তেন্তে আপুনি ৰোগী হোৱাৰ পথত৷
৬. কামত সমস্যা
হঠাৎ পাৰ্ফৰমেন্স বেয়া হৈছে৷ যি কাম পূৰ্বে সহজেই কৰি পেলায় কিন্তু এতিয়া আপুনি সেই কাম ইচ্ছা কৰিও কৰিব নোৱাৰে তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লওক৷
বহু মানুহ আছে যিসকলে বছৰৰ পাছত বছৰ ধৰি উপৰোক্ত সমস্যাসমূহৰ সন্মুখীন হৈ আহিছে তেন্তে গুৰুত্ব দিয়ক৷ বিশেষজ্ঞই কৈছে আতংকিত নহৈ সতৰ্ক হওক৷ যদি ক্ৰমাগতভাৱে এই সমস্যা হৈ আছে তেন্তে স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ