পাঁচ বছৰৰ পাছতেই আকৌ আৰম্ভ হ’ব কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা৷ ২০ জুন শুকুৰবাৰে ৩৬গৰাকী তীৰ্থযাত্ৰী গেংটকত উপস্থিত হৈছে৷ দিল্লী জৱাহৰলাল নেহৰু ভৱন আৰু গাজিয়াবাদৰ কৈলাশ মানস সৰোবৰ যাত্ৰা ভৱনৰ পৰা ২০২৫ চনৰ যাত্ৰা আৰম্ভ হৈছে৷ এইবছৰ ছিকিমৰ নাথুলা আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছ হৈ কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা চলিব৷
প্ৰথম দলত আছে ৪৬গৰাকী তীৰ্থযাত্ৰী৷ কিন্তু স্বাস্ত্যজনিত সমস্যাৰ বাবে ৩৬ জনেহে কৈলাশ আৰু মানস সৰোবৰ যাত্ৰাৰ বাবে ৰাওনা হৈছে৷ ইয়াৰ মাজত ২৩ জন পুৰুষ আৰু ১৩গৰাকী মহিলা৷ তাৰমাজতেই দুগৰাকী চৰকাৰী কৰ্তাও আছে৷ শুকুৰবাৰে গেংটক উপস্থিত হোৱাৰ পাছত ছিকিম চৰকাৰৰ পক্ষৰ পৰা তীৰ্থযাত্ৰীসকলক স্বাগত জনোৱা হয়৷
প্ৰতিবছৰে জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চীন অধিকৃত তিব্বতত মানস সৰোবৰ আৰু কৈলাশ যাত্ৰা কৰিব পাৰে ভাৰতীয় পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলে৷ কিন্তু ২০২০ চনৰ কভিড মহামাৰীৰ বাবে এই যাত্ৰা বন্ধ কৰা হৈছিল৷ আৰু সুদীৰ্ঘ ৫ বছৰৰ মূৰত আকৌ এই যাত্ৰা আৰম্ভ কৰা হৈছে৷
ছিকিমৰ নাথুলা আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু তিব্বতত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয় পৰ্যটত আৰু তীৰ্থযাত্ৰীসকলে৷ উত্তৰাখণ্ডৰ লিপুলেখ পাছৰ তুলনাত ছিকিমৰ নাথুলাৰে কৈলাশ দৰ্শন কৰিলে শাৰীৰিক কষ্ট কম হয়৷ গেংটকত উপস্থিত হোৱাৰ পাছত তীৰ্থযাত্ৰীসকলে উচ্চতা আৰু পৰিবেশৰ সৈতে শৰীৰক খাপ খুওৱাৰ বাবে দুদিন সময় পায়৷ গেংটকৰ পৰা ১৫ মাইল যাত্ৰা কৰি শেৰাথাংত থাকিব পাৰি৷ ইয়াৰপাছতেই নাথুলা হৈ কাংমাত প্ৰৱেশ কৰিব পাৰে৷
নাথুলাৰে কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা শেষ কৰিবলৈ মুঠ ২২ দিন সময় লাগে৷ লিপুলেখেৰে মানস সৰোবৰত উপস্থিত হবলৈকো প্ৰায় একেই সময় লাগে৷ কিন্তু কৈলাশ পৰ্বত দৰ্শন কৰি উভতাৰ পথক পিথোৰাগড়ৰ বুন্দি, চকৌৰি আৰু আলমোড়াতো এটা এটা নিশা কটাব পাৰে তীৰ্থযাত্ৰীয়ে৷
উল্লেখ কৰা প্ৰয়োজন যে চীনৰ অধীনত থকা তীব্বততেই আছে কৈলাশ আৰু মানস সৰোবৰ৷ এই দুই স্থানেই হিন্দুৰ বাবে অত্যন্ত পবিত্ৰ৷ হিন্দুসকলৰ ধৰ্মীয় বিশ্বাস যে কৈলাশত বাস কৰে মহাদেৱে৷ মানস সৰোবৰত স্নান কৰি কৈলাশ প্ৰদক্ষিণ কৰিলে মোক্ষ লাভ হয় বুলি বিশ্বাস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ