ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান
২২ এপ্ৰিলত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আহিছে এক সুখবৰ। ভাৰতীয় সেনাত শীঘ্ৰেই সংযুক্ত হ’ব আন এক শক্তি।
ভাৰতে আডি ফ্ৰান্সৰ সৈতে ৰাফেল মেৰাইন এয়াৰক্ৰাফ্টৰ চুক্তি চূড়ান্ত কৰে। এই চুক্তি ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰায় ৬৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে কৰা হৈছে। এই চুক্তিৰ অধীনত ফ্ৰান্সে ভাৰতক ২৬খন ৰাফেল মেৰাইন এয়াৰক্ৰাফ্ট দিব।
খবৰ অনুসৰি ভাৰত আৰু ফ্ৰান্সে সোমবাৰে প্ৰায় ৬৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ভাৰতীয় নৌসেনাৰ বাবে ২৬খন নৌসেনা সংস্কৰণৰ ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আন্তঃচৰকাৰী চুক্তি স্বাক্ষৰ কৰে।
ডিজিটেল মাধ্যমৰ জৰিয়তে আয়োজন কৰা এক কাৰ্যসূচীত চুক্তিখন ছীল কৰা হয়। ভাৰতে এই জেট বিমানসমূহ ফ্ৰান্সৰ প্ৰতিৰক্ষা কোম্পানী Dassault Aviation ৰ পৰা ক্ৰয় কৰি বিমানবাহী জাহাজ INS Vikrant ত নিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে।
আজিৰ এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল। উল্লেখ্য যে, চুক্তিখনৰ চৰ্ত অনুসৰি চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় পাঁচ বছৰৰ পিছত জেট বিমানৰ যোগান আৰম্ভ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ