মেডিকেল কলেজত ৰেগিঙৰ নামত পাশবিক অত্যাচাৰ, শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ
কেৰালাৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰেগিঙৰ এক ভয়ানক কাণ্ড পোহৰলৈ আহিছে। যি ঘটনাই এতিয়া কঁপাই তুলিছে সমগ্ৰ দেশ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ ছাত্ৰক প্ৰথমে ছিনিয়ৰ ছাত্ৰই উলংগ কৰি পিছত তেওঁলোকৰ ব্যক্তিগত অংগত ডাম্বল ওলোমাই দিয়ে।
কেৱল এয়াই নহয়, তাৰ পিছত জ্যামিতিৰ বাকচৰ পৰা কম্পাছেৰে বাৰে বাৰে চিনিয়ৰ সকলে আঘাত কৰে। তিনিমাহ ধৰি এনেদৰে পাশবিক ৰেগিং কৰে কনিষ্ঠ ছাত্ৰক।
কেৰালাৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ঘটনা পোহৰলৈ অহাৰ পাছতে মহাবিদ্যালয়খনৰ জুনিয়ৰসকলক কেইবামাহো ধৰি নিৰ্মম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত তৃতীয় বৰ্ষৰ পাঁচগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।
এই ঘটনা সংঘটিত হৈছে কোট্টায়মৰ চৰকাৰী নাৰ্চিং কলেজত, য’ত তিনিগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰই, আটাইকেইজনেই তিৰুৱনন্তপুৰমৰ। কোট্টায়ম গান্ধীনগৰ আৰক্ষীক আনুষ্ঠানিক অভিযোগ দাখিল কৰি ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰায় তিনিমাহ ধৰি চলি থকা হিংসাত্মক কাণ্ডৰ কথা সদৰি কৰে।
অভিযোগৰ ভিত্তিত অভিযুক্ত ছাত্ৰক নিলম্বন কৰি এণ্টি ৰেগিং এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, প্ৰথম বৰ্ষৰ ছাত্ৰসকলে ছিনিয়ৰসকলৰ কাষত উলংগ হৈ থিয় হ’বলৈ বাধ্য হয় আৰু তেওঁলোকৰ ছিনিয়ৰসকলে তেওঁলোকৰ ব্যক্তিগত অংগত ডাম্বল ওলোমাই দিয়ে।
কেৱল সিমানেই নহয়, জ্যামিতি বাকচৰ পৰা কম্পাছকে ধৰি চোকা বস্তু ব্যৱহাৰ কৰিও আঘাত কৰিছিল কনিষ্ঠ ছাত্ৰক। লগতে যেতিয়া ছাত্ৰসকলে বিষত ছটফটাই উঠিছিল, তেতিয়া জোৰ কৰি ঘাঁ বোৰৰ সলনি মুখত হে মলম ভৰাই দিছিল।
অভিযোগ অনুসৰি চিনিয়ৰসকলে এই কাৰ্য্যসমূহৰ ফটো ৰাখি পাছলৈ জুনিয়ৰসকলক ভাবুকি দিছিল যে যদিহে তেওঁলোকে এই নিৰ্যাতনৰ খবৰ দিবলৈ সাহস কৰে তেন্তে তেওঁলোকৰ কেৰিয়াৰ শেষ কৰি দিয়া হ’ব।
সম্প্ৰতি পাঁচোজন অভিযুক্ত ছাত্ৰক আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু আজি বিয়লিৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ




















