অসম লাইভ ২৪ঃ ৰাজধানী দিল্লীত ভয়ংকৰ ধৰণেৰে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। এইবাৰ ক’ৰোনাত আক্ৰান্ত হ’ল দিল্লী আম আদমি পার্টীৰ বিধায়ক তথা দিল্লী জল ব’র্ডৰ উপাধ্যক্ষ ৰাঘৱ ছাদ্দা। নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা জনায় বিধায়কগৰাকীয়ে। সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে বিধায়কগৰাকী। উল্লেখযোগ্য যে ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত ২২ হাজাৰতকৈও অধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ