মূল্যাংক ৪ৰ অধিপতি গ্ৰহ ৰাহু৷ এই মুহূৰ্তত ৰাহুৱে অৱস্থান কৰিছে পূৰ্বা ভাদ্ৰপদৰ প্ৰথম ঘৰত৷ কিছুদিনৰ ভিতৰত নিজৰ স্থান পৰিবৰ্তন কৰিব ৰাহুৱে৷ শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত প্ৰৱেশ কৰিব আগন্তুক মাহত৷ মঙলবাৰ ২ ডিচেম্বৰৰ নিশা ২.১১ মিনিটত নিজৰ স্থান পৰিবৰ্তন কৰিব ৰাহুৱে৷ ৰাহুৰ গোচৰৰ প্ৰভাৱ পৰিব ৰাশিচক্ৰৰ কেইবাটাও ৰাশিৰ ওপৰত৷ ৰাহু বিভ্ৰম, বিভ্ৰান্তি, আসক্তি আৰু আকাঙ্ক্ষাৰ প্ৰতীক৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু এক ছায়া গ্ৰহ৷ গ্ৰহণৰ দায়িত্ব থাকে ৰাহুৰ কান্ধতেই৷ এই গ্ৰহৰ অশুভ প্ৰভাৱে যেনেকৈ বিপৰ্যয় আহিব পাৰে তেনেকৈ শুভ স্থানত থাকিলে ৰাহুৱে নাম, খ্যাতি আৰু ঐশ্বৰ্যৰ শিখৰত উপস্থিত কৰোৱাৰ ক্ষমতা ৰাখে৷
আগন্তুক মাহত শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ গোচৰ তিনি ৰাশিৰ বাবে শুভ প্ৰমাণ হব পাৰে৷ আকস্মিক অৰ্থ লাভ হোৱাৰো যোগ আছে৷ ৰৈ থকা কাম সহজে সম্পন্ন হব পাৰে৷
কোন ৩ৰাশিৰ ভাগ্য পৰিবৰ্তন হ’ব?
সু-সময় আহিছে মিথুন ৰাশিৰ বাবে
মিথুন ৰাশিৰ বাবে ৰাহুৰ শতভিষা নক্ষত্ৰত গমন শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ সাফল্য প্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে৷ হঠাৎ কেৰিয়াৰত অগ্ৰগতি হব পাৰে৷ আৰ্থিক স্থিতিশীলতা আহিব৷ বিভ্ৰান্তি দূৰ হব৷ সামাজিক ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব৷
সু সময় আহিছে মিথুন ৰাশিৰ বাবে
মিথুন ৰাশিৰ বাবে ৰাহুৰ শতভিষা নক্ষত্ৰত গমন শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ সাফল্য প্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে৷ হঠাৎ কেৰিয়াৰত অগ্ৰগতি হব পাৰে৷ আৰ্থিক স্থিতিশীলতা আহিব৷ বিভ্ৰান্তি দূৰ হব৷ সামাজিক ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব৷
কৰ্কট ৰাশিৰ জীৱনত পৰিবৰ্তন
কৰ্কট ৰাশিৰ জাতকৰ বাবে শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ ভাগ্য উজ্জ্বল হব পাৰে৷ স্থগিত কাম সম্পন্ন হব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব এই ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতিৰ দুৱাৰ খুলি যাব৷ আপোনাৰ ভাৱমূৰ্তি উন্নত হব৷ নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ আহিব৷ মানসিক শান্তি বৰ্তি থাকিব৷
মকৰ ৰাশিৰ জীৱনত পৰিবৰ্তন
মকৰ ৰাশিৰ জাতকৰ বাবে শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ অৱস্থান আৰ্থিক বিষয়ত অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিত সাফল্য পাব পাৰে৷ চাকৰিয়ালে হঠাৎ উচ্চপদলৈ পদোন্নতি পাব পাৰে৷ ব্যৱসায়ীসকলেও উল্লেখযোগ্য বিনিয়োগ কৰিবলৈ সক্ষম হব৷ কোনো পুৰণি বন্ধু ঘৰলৈ আহিব পাৰে৷ মানসিক শান্তিয়ে বিৰাজ কৰিব৷ সকলো মিলি শুভ সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















