মাতৃৰ উপস্থিতিয়ে এটা পৰিয়ালক সমৃদ্ধ কৰে৷ এটা শিশুয়ে যেতিয়াই পৃথিৱীৰ পোহৰ দেখে তেতিয়াই শিশুটিয়ে দেখা প্ৰথম মুখখনেই মা৷ মুখত যেতিয়া শব্দ ফুটি উঠে তেতিয়া মতা প্ৰথম শব্দই মা৷ ১২ তাৰিখৰ দিনটো সেয়ে মাতৃৰ নামত উৎসৰ্গিত৷
মাতৃ দিৱসৰ শুভেচ্ছা
- তোমাক মাতৃ হিচাপে লাভ কৰি মই ভাগ্যৱান৷ তোমাৰ সুস্বাস্থ্য কামনা কৰিছো৷ আগন্তুক সময় তোমাৰ সুখময় হওক৷
- তুমি কিমান যত্নশীল আৰু স্নেহময়ী সেয়া ক’বৰ বাবে এয়াই শ্ৰেষ্ঠ সময়৷ শুভ মাতৃ দিৱস মা৷
- তোমাৰ আঁচল, তোমাৰ কোলাই স্বৰ্গ৷ পৃথিৱীৰ শ্ৰেষ্ঠ অনুভূতি তুমি৷ মাতৃ দিৱসৰ শুভেচ্ছা তোমালৈ৷
- মা তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণা৷ ঈশ্বৰৰ ওচৰত তোমাৰ দীৰ্ঘায়ু কামনা কৰিছো৷
- তোমাৰ সমান কোনো হ’ব নোৱাৰে৷ মাদাৰ্ছ ডেৰ অফুৰন্ত শুভকামনা৷
- পৰিয়াল কিমান গুৰুত্বপূৰ্ণ তোমাৰ পৰাই শিকিব পাৰি৷ মাতৃ দিৱসৰ শুভেচ্ছা৷
- মাতৃত্ব হৈছে ভালপোৱা, ত্যাগ আৰু শক্তিৰ বিশুদ্ধতম ৰূপ৷
- নীৰৱে তুমি আমাক সাহস জোগাই থকাৰ বাবে তোমাক ধন্যবাদ৷
- পৰিস্থিতি আৰু যুগ সলনিয়ে তোমাৰ প্ৰতি মোৰ ভালপোৱা সলনি নকৰে৷ শুভ মাতৃ দিৱস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ