অসম লাইভ২৪ঃ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে লাভ কৰিলে জামিন।
৭০ দিনৰ পিছত জামিন লাভ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে।
মঙলবাৰে ডিব্ৰুগড় আদালতে জামিন মঞ্জুৰ কৰে ৰাহুল ছেত্ৰীৰ।
ৰেগিং কাণ্ড সহিব নোৱাৰি বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মাই।
বৰ্তমানো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই আনন্দ শৰ্মা।
ৰেগিং কাণ্ডৰ সৈতে সাঙোৰ খাই পৰিছিল ৰাহুল ছেত্ৰীও।
ৰাহুল ছেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক।
এই ৰেগিং কাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছিল ৰাহুলক।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মুখ্য অধীক্ষক ড০ কল্যাণ ভূঞাকো অব্যাহতি দিয়া হৈছে।
ড০ কল্যাণ ভূঞাৰ গাফিলতিৰ বাবেই হোষ্টেলত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা।
ৰেগিং সন্দৰ্ভত বাৰাম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল মুখ্য অধীক্ষকগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ